NORTHEAST NOW (Assamese)

২০২১ বৰ্ষত জেইই আৰু নীট পৰীক্ষাৰ পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰাৰ আহ্বান দিল্লীৰ উপ-মুখ্য মন্ত্ৰী চিছোডিয়াৰ

October 24, 2020 9:22 am · এন ই নাও নিউজ
দিল্লীৰ উপ-মুখ্য মন্ত্ৰী

২০২১ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া জেইই আৰু নীট পৰীক্ষাৰ পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছে দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনিষ চিছোডিয়াই।

এনচিইআৰটিৰ ৫৭ সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত উপস্থিত থাকি দিল্লীৰ উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে ২০২১ বৰ্ষৰ জেইই আৰু নীট পৰীক্ষাৰ পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ শতাংশ হ্ৰাস কৰাৰ বাবে আহ্বান জনায়। এইক্ষেত্ৰত চিছোডিয়াই উচ্চতৰ মাধ্যমিক শাখাৰ পাঠ্যক্ৰম ৫০ শতাংশ হ্ৰাস কৰি তাৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে উপদেশ দিয়ে।

কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখিন হোৱা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই আহ্বান জনাইছে চিছোডিয়াই।

বৈঠকত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালে অধ্যক্ষতা কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ বাবে দেশৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ হৈ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল ক্ষতিৰ সন্মুখিন হ’বলগীয়া হৈছে।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান সমূহ আংশিকভাৱে পুনৰ খোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

Related News