NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয়টো সুৰক্ষিত বিমান বন্দৰৰ স্বীকৃতি দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2020 9:04 am
কোভিড-১৯ৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয়টো সুৰক্ষিত বিমান বন্দৰৰ স্বীকৃতি দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ

কোভিড-১৯ সম্পৰ্কীয় স্বাস্থ্য সুৰক্ষা আৰু প্ৰট’কলৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰত দ্বিতীয়টো সুৰক্ষিত বিমান বন্দৰৰ মৰ্যদা লাভ কৰিছে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে।

দিল্লী আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্ট লিমিটেডে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কোভিড সম্পৰ্কীয় প্ৰট’কল আৰু সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ বিমান বন্দৰ হিচাপে চিহ্নিত কৰা হৈছে বুলি কয়।

ছিংগাপুৰৰ ছাংহাই বিমানবন্দৰে এই ক্ষেত্ৰত প্রথম স্থান  অধিকাৰ কৰিবলৈ সক্ষম হয়।

ছাংহাই বিমান বন্দৰে মুঠ ৫ নম্বৰৰ ভিতৰত ৪.৭ নম্বৰ লাভ কৰি শীৰ্ষ স্থান অধিকাৰ কৰে।

আনহাতে, দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে ৪.৬ নম্বৰ লাভ কৰে।

উল্লেখযোগ্য যে, কোভিড সংক্ৰমণৰ সময়ত দিল্লী বিমান বন্দৰ কৰ্তৃপক্ষই দেশী-বিদেশী যাত্ৰী সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

টেষ্টিং, বাধ্যতামূলক কোৱাৰেণ্টাইন আদিৰ দিশৰ ক্ষেত্ৰতো দিল্লী বিমান বন্দৰ কৰ্তৃপক্ষই স্থানীয় প্ৰশাসনৰ সহযোগত চকুত লগা কাম কৰিবলৈ সক্ষম হৈছিল।