NORTHEAST NOW (Assamese)

দিল্লীৰ অত্যাধুনিক চিকিৎসালয়ত অক্সিজেনৰ অভাৱত চিকিৎসকসহ ১২ গৰাকী ৰোগীৰ মৃত্যু

May 1, 2021 7:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ক’ৰ’নাই মহা সংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী চহৰ দিল্লীত আজি অক্সিজেনৰ অভাৱতে চিকিৎসকসহ ১২  গৰাকী ৰোগীৰ মৃত্যু ঘটে।

কোভিডে মৃত্যু উপত্যকাত পৰিঁণত কৰা দিল্লীত আজি অত্যাধুনিক চিকিৎসালয় হিচাবে পৰিচিত বাট্ৰা হস্পিতালত অক্সিজেনৰ অভাৱতে লোক কেইজনে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।

বাট্ৰা হস্পিতালৰ কাৰ্যবাহী সঞ্চালক ডাঃ  শুধাংশু বংকাটাই প্ৰকাশ কৰা মতে প্ৰয়োজনীয় সময়ত অক্সিজেনৰ যোগান ধৰিব নোৱাৰাৰ বাবেই চিকিৎসকসহ ৰোগী ১২ গৰাকীৰ মৃত্যু ঘটে।

অক্সিজেনৰ অভাৱত মৃত্যু ঘটা চিকিৎসকগৰাকী হৈছে ডাঃআৰ কে হিমথানি। কিছুদিন পূৰ্বে তেঁৱো কোভিডত আক্ৰান্ত হৈছিল। ইপিনে কোভিড পৰিস্থিয়ে জটিল ৰূপ ধাৰণ কৰা নতুন দিল্লীত আজিৰে পৰা পুনৰ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰা হৈছে।

কৰ’নাৰ দ্বিতীয়টো ঢৌত বিপৰ্যস্ত হৈ পৰিছে দিল্লীৰ পৰিস্থিতি। অক্সিজেনৰ অভাৱত বহু ৰোগীৰ মৃত্যু ঘটিছে।

অৱশ্যে শেহতীয়াকৈ বাহিৰৰ ৰাজ্যৰ পৰা দিল্লীলৈ অক্সিজেনৰ সৰবৰাহ বঢ়াই তোলাৰ ফলত ৰাজ্য খনত অক্সিজেনৰ অভাৱ বহু পৰিমাণে দূৰ হৈছে।

দিল্লী চৰকাৰে এনে পৰিস্থিতিত অক্সিজেনৰ সৰবৰাহৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নতুন প’ৰ্টেল মুকলি কৰিছে।

আজি উচ্চতম ন্যায়ালয়ে দিল্লীক অক্সিজেন যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

Related News