NORTHEAST NOW (Assamese)

চৰ শোধাইছিল মালিকে! প্ৰতিশোধত পাঁচ বছৰীয়া পুত্ৰক অপহৰণ কৰি নিৰ্মম হত্যা ঘৰৰ গাড়ীচালকৰ

October 22, 2025 12:08 pm · এন ই নাও নিউজ, নতুন দিল্লী

প্ৰতিশোধৰ ল’বলৈ হত্যা। দিল্লীৰ নাৰেলা অঞ্চলত সংঘটিত হৈছে এক নৃশংস ঘটনা। পিতৃৰ গাড়ীচালকৰ বিৰুদ্ধে এটি পাঁচ বছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

খবৰ অনুসৰি অভিযুক্তই প্ৰথমে মঙলবাৰে শিশুটিক অপহৰণ কৰিছিল। পিছত অভিযুক্তই ইটাৰে থেতেলিয়াই-ছুৰীৰে আঘাত কৰি শিশুটিক নিৰ্মমভাৱে হত্যা কৰে। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা মতে হত্যাকাণ্ডটো প্ৰতিশোধৰ বাবেই হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত চালক নীতুৰ ভাড়াঘৰৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে নীতু। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও দল গঠন কৰা হৈছে। তেওঁ লগতে জনায় যে, ঘটনাৰ আগদিনা শিশুটিৰ পিতৃয়ে অভিযুক্তক ককৰ্থনা কৰিছিল।

আৰক্ষী উপ আয়ুক্ত (আউটাৰ নৰ্থ) হৰেশ্বৰ স্বামীয়ে জনোৱা মতে, মঙলবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত নাৰেলা ঔদ্যোগিক এলেকাৰ আৰক্ষী থানাত শিশুটি অপহৰণৰ খবৰ লাভ কৰে। বিষয়াগৰাকীয়ে জনোৱা মতে, তদন্তত শিশুটি ঘৰৰ বাহিৰত খেলি থকা অৱস্থাত হঠাতে নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। তাৰ পিছত পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াই তেওঁক বিচাৰিবলৈ ধৰিলে। পিছত অভিযুক্ত নীতুৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে মৃত শিশুটিৰ পিতৃ, যি এই গোচৰৰ অভিযোগকাৰী, প্ৰায় সাত-আঠখন সামগ্ৰী কঢ়িওৱা বাহনৰ মালিক। তেওঁৰ তাতে কাম কৰিছিল নীতু আৰু ৱাছিম ​​নামৰ দুজন চালকে।

ডিচিপিয়ে কয়, “সোমবাৰে সন্ধিয়া মদ্যপান কৰি থকা অৱস্থাত দুয়োজন চালকৰ মাজত তীব্ৰ কাজিয়া হৈছিল। সেই সময়ত নীতুৱে ৱাছিমক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল।”

আৰক্ষীয়ে জনোৱা মতে, বিষয়টো গাড়ীৰ মালিকৰ (শিশুটিৰ পিতৃ) কাণত পৰাৰ লগে লগে তেওঁ হস্তক্ষেপ কৰি নিতুৰ অশ্লীল আচৰণৰ বাবে দুই-তিনিটা চৰ শোধায়। ডিচিপিয়ে কয়, “এই ঘটনাত অপমানিত হৈ নীতুৱে মঙলবাৰে খেলি থকা অৱস্থাত ঘৰৰ বাহিৰৰ পৰা শিশুটিক অপহৰণ কৰে। ভাড়াঘৰলৈ লৈ গৈ ইটাৰে থেতেলিয়াই আৰু ছুৰীৰে আঘাত কৰি হত্যা কৰে।”

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সেই স্থানত উপস্থিত হয় আৰক্ষী। ততাতৈয়াকৈ শিশুটিক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰা হৈছে। বিষয়াগৰাকীয়ে লগতে কয়, “অভিযুক্ত চালক নীতু পলাতক হৈ আছে। তেওঁক বিচাৰি উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰিবলৈ একাধিক দল গঠন কৰা হৈছে। অভিযুক্তক বিচাৰি উলিয়াবলৈ প্ৰযুক্তিগত নিৰীক্ষণ আৰু স্থানীয় চোৰাংচোৱাৰ সূত্ৰৰ সহায় লোৱা হৈছে। অভিযুক্তক চিনাক্ত কৰিবলৈ আমি চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰি আছো।”

Related News