NORTHEAST NOW (Assamese)

দিল্লী চৰকাৰে কৰমুক্ত কৰিলে বহুচৰ্চিত চলচিত্ৰ ‘83’ ক

December 22, 2021 11:42 am · এন ই নাও নিউজ, গুৱাহাটী

অভিনেতা ৰণবীৰ সিঙ অভিনীত আচলচ্চিত্ৰৰু নিৰ্মাতা কবিৰ খানৰ দ্বাৰা পৰিচালিত ক্ৰিকেট ভিত্তিক চলচিত্ৰ “83”ক দিল্লীত কৰমুক্ত ঘোষণা কৰিছে দিল্লী চৰকাৰে। চলচিত্ৰ খনৰ নিৰ্মাতা কবিৰ খানে মঙলবাৰে এই কথা সদৰী কৰে।

ইনষ্টাগ্ৰাম যোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক ধন্যবাদ জনায় কবিৰ খানে।

“দিল্লীত 83 চলচ্চিত্ৰক কৰমুক্ত ঘোষণা কৰাৰ বাবে অৰবিন্দ কেজৰিৱাল আৰু এম চিছোদিয়াক ধন্যবাদ! আপোনালোকৰ এই সহায়ে আমাক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বিজয়ৰ কাহিনী অধিক দৰ্শকৰ আগত প্ৰচাৰ কৰিবলৈ সক্ষম কৰিব।”পোষ্টটোত তেওঁ লিখে।

 

 

View this post on Instagram

 

A post shared by Kabir Khan (@kabirkhankk)

উল্লেখ্য যে চলচ্চিত্ৰখনে কপিল দেৱৰ অধিনায়কত্বত ১৯৮৩ চনৰ বিশ্বকাপত ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ট্ৰফী দখল কৰা ভাৰতৰ গৌৰৱ কাহিনীক প্ৰকাশ কৰিব।

ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট আৰু ফেণ্টম ফিল্মছৰ দ্বাৰা উপস্থাপন কৰা “83” ২৪ ডিচেম্বৰত হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালম ভাষাত সমগ্ৰ দেশৰে চিনেমা হলত মুকলি হ’ব।

ছবিখনৰ মূল চৰিত্ৰ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰনবীৰ সিঙে।

অভিনেতা পংকজ ত্ৰিপাঠী, তাহিৰ ৰাজ ভাছিন, জিভা, চাকিব ছালিম, যতীন চাৰ্ণা, চিৰাগ পাটিল, দিনকাৰ শৰ্মা, নিশান্ত দাহিয়া, হাৰ্দি সান্ধু, চাহিল খট্টৰ, এম্মি ভিৰ্ক, আদিনাথ কোথাৰে, ধৈৰ্য কাৰৱা আৰু আৰ বদ্ৰীয়েও চলচিত্ৰ খনত অভিনয় কৰিছে।

অভিনেত্ৰী দীপিকা পাডুকনে ছবিখনত কপিল দেৱৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।

Related News