NORTHEAST NOW (Assamese)
Popular Stories

”ৰামৰাজ্যৰ অনুপ্ৰেৰণাত আমি দহটা মূলমন্ত্ৰ অনুসৰণ কৰি আহিছো”- কেজৰিৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2021 7:55 pm

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কয় যে তেওঁৰ চৰকাৰখনে ১০টা মূল মন্ত্ৰ সাৰোগত জনতাৰ সেৱা কৰি আহিছে।

এইক্ষেত্ৰত ‘ৰাম ৰাজ্য’ ধাৰণাৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ কথাও তেওঁ কয়।

”ভগৱান ৰাম আৰু হনুমানৰ মই এজন ভক্ত।” কেজৰিৱালে কয়- ”’ৰামৰাজ্য’ ধাৰণাৰ অনুপ্ৰেৰণাত দিল্লীৰ জনতাক সেৱা কৰিবলৈ আমি দহটা মূলমন্ত্ৰ অনুসৰণ কৰি আহিছো।”

দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীজনে এনেদৰে কয়।

তেওঁ উল্লেখ কৰা দহটা মূলমন্ত্ৰ হৈছে- খাদ্য, শিক্ষা, চিকিৎসাসেৱা, বিজুলী, পানীযোগান, সংস্থাপন, গৃহনিৰ্মাণ, নাৰী সুৰক্ষা আৰু বৃদ্ধলোকক সন্মানপ্ৰদান।

”দিল্লীত কোনেও খালী পেট লৈ শুব নালাগে। সামাজিক স্থান নিৰ্বিশেষে প্ৰতিটো শিশুৱে উন্নতমানৰ শিক্ষালাভ কৰিব লাগে।”- কেজৰিৱালে কয়।

”ধনী হওক দুখীয়া হওক, প্ৰতিজন লোকে যতসম্ভৱ শ্ৰেষ্ঠ চিকিৎসাসেৱা লাভ কৰিব লাগে।”- কেজৰিৱালে কয়।

তদুপৰি তেওঁ দিল্লী বিধানসভাৰ সমূহ সদস্যক হস্পিতালসমূহত গৈ সাধাৰণ জনতাৰ স’তে ক’ভিড-১৯ ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে।