NORTHEAST NOW (Assamese)
Popular Stories

আউট হ’ল আইফোন! ডি ভিলীয়াৰ্ছৰ মাৰমুখী শ্বটে ভাঙিলে এটা আইফোন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2021 8:24 pm

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এবি ডী ভিলীয়াৰ্ছে আইপিএলৰ বাবে অনুশীলন আৰম্ভ কৰিছে।

টুৰ্ণামেণ্টখনত বিধ্বংসী বেটছমেনজনে বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বেংগালোৰৰ হৈ নিজৰ প্ৰদৰ্শন আগবঢ়াব।

৯ এপ্ৰিলৰ পৰা চেন্নাইত আৰম্ভ হ’ব লগা আইপিএলৰ প্ৰথম মেচখন ৰয়েল চেলেঞ্জাৰছ আৰু যোৱাবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব।

বৰ্তমানলৈকে ডী ভিলিয়াৰ্ছ ভাৰতলৈ অহা নাই কিন্তু এটা সৰস ঘটনাই চৰ্চা লাভ কৰিছে।

আইপিএলৰ বাবে নেট প্ৰেক্টিছ কৰি থাকোতে এটা তীব্ৰ শ্বট মাৰে আৰু তাৰ ফলত তীব্ৰবেগী বলটোৱে তেওঁক ৰেক’ৰ্ড কৰি থকা আইফোনটো ভাঙি পেলায়।

 

View this post on Instagram

 

A post shared by AB de Villiers (@abdevilliers17)

ক্লিপটো তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখে যে- ”আইফোন আউট!”

উল্লেখযোগ্য যে মাৰমুখী বেটছমেনজনে ১৫০টা আইপিএল ইনিংছত ১৫১.৯১ ষ্ট্ৰাইকৰেটসহ ৪,৮৪৯ ৰাণ সংগ্ৰহ কৰিছে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰটো দক্ষিণ আফ্ৰিকাৰ এজন সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ তেওঁ হিচাপে বিবেচিত হৈছে।

সোঁহতীয়া বেটছমেনজনে ১১৪খন টেষ্টত ২টা দ্বিশতক আৰু ২২টা শতকসহ ৮৭৬৫ৰাণ সংগ্ৰহ কৰিছে।

২২৮খন এদিনীয়া মেচ খেলি তেওঁ ২৫টা শতকসহ সংগ্ৰহ কৰিছে ৯৫৭৭ ৰাণ।

আনহাতে ৭৮খন টি-টুৱেণ্টি মেচত তে্ওঁ ১৬৭২ ৰাণ সংগ্ৰহ কৰিছে।