NORTHEAST NOW (Assamese)
অসম

ৰাজকন্যাক ৰক্ষনাবেক্ষণ! GNRCৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱা উপস্থিত দিছপুৰ আৰক্ষী থানাত; গ্ৰেপ্তাৰৰ সম্ভাৱনা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 8, 2021 12:28 pm
WhatsApp Image 2021-10-08 at 12.06.07 PM

জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধে GNRCত মডেল ৰাজকন্যা বৰুৱাক SEMI ICU প্ৰদান কৰি আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে।

কিন্তু আজি থানাত উপস্থিত হৈয়ে ৰাজকন্যাক তেওঁ ICU ত ৰখা নাই বুলি মন্তব্য কৰে নৱনীল বৰৱাই।

নৱনীল বৰুৱাই কয়, “মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই।পূৰ্বে মোৰ কোনো চিনাকী নাছিল ৰাজকন্যাৰ স’তে।”

বৰ্তমান থানাত জেৰা চলি আছে আৰু গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱা।

বুধবাৰে চুপাৰমাৰ্কেটস্থিত GNRC ত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে মডেল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ কৰিছিল।

GMCHৰ মেডিকেল ব’ৰ্ডে GNRCৰ SEMI ICUত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে৷ ৰাজকন্যাৰ কোনোধৰণৰ বেমাৰ নথকা বুলি প্ৰতিবেদনত উল্লেখ কৰে ব’ৰ্ডে।

GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অসুস্থতা নথকাকৈ GNRCৰ ICU ত ৰাজকন্যাক ৰক্ষণাবেক্ষণ দি থোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

Also Read: Indian and Chinese troops face-off: পুনৰ ফেৰ পাতিছে চীনে! এইবাৰ অৰুণাচলৰ টাৱাং সীমান্তত ভাৰত-চীন সেনাৰ ‘ফেচ-অফ’

উল্লেখযোগ্য যে, ১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দূৰ্ঘটনাত দুয়োখন ভৰি কটা গল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দূৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷

ইয়াৰোপৰি, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী আয়ুক্তালয়ৰ৷

আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত  ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকণ্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মেডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

Also Read: Love and Romance in IPL: খেলৰ শেষত গেলাৰীতে বান্ধৱীক প্ৰপ’জ কৰিলে ক্ৰিকেটাৰ দীপক চাহাৰে; ভাইৰেল ভিডিঅ’

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।