NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2025 5:19 pm

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ মাজত চলি থকা  শুল্ক যুদ্ধৰ তীব্ৰতা কমি এতিয়া যুদ্ধবিৰতিৰ পথত। দীঘলীয়া আলোচনাৰ পিছত সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ৯০ দিনৰ বাবে শুল্ক হ্ৰাসৰ বিষয়ে সহমতত উপনীত হয়। পূৰ্বৰ ১২৫ আৰু ১৪৫ শতাংশৰ পাৰস্পৰিক শুল্কৰ পৰিৱৰ্তে, চীনে অহা ৯০ দিনৰ বাবে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ আৰু আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিব। যি বিশ্ব অৰ্থনীতিত সকাহ প্ৰদান কৰিছে। 

নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণৰ পিছৰে পৰা  বিশ্বৰ বিভিন্ন দেশৰ ওপৰত শুল্ক যুদ্ধৰ নীতি গ্ৰহণ কৰিছিল। তেওঁৰ এই পাৰস্পৰিক শুল্ক নীতিয়ে বহু দেশক সংকটৰ মুখত পেলাইছিল। ট্ৰাম্প প্ৰশাসনে ২ এপ্ৰিলৰ পৰা ভাৰত, কানাডা, আৰু চীনৰ দৰে দেশৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছিল। চীনে প্ৰতিশোধ হিচাপে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিলেও অন্য দেশসমূহে তেনে প্ৰতিক্ৰিয়া দেখুৱা নাছিল। সেয়ে চীন ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰধান লক্ষ্য হৈ পৰিছিল। আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ১৪৫ শতাংশ, কিছু ক্ষেত্ৰত ২০০ শতাংশতকৈও অধিক শুল্ক আৰোপ কৰিছিল। প্ৰত্যুত্তৰত চীনে ১২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। এই অস্বাভাৱিক শুল্কৰ ফলত চীন-আমেৰিকাৰ বাণিজ্য কাৰ্যতঃ স্থবিৰ হৈ পৰিছিল, যাৰ প্ৰভাৱ বিশ্ব অৰ্থনীতিতো পৰিছিল। এই সংকটৰ গুৰুত্ব উপলব্ধি কৰি আমেৰিকাই চীনৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। 

১০ আৰু ১১ মেত চুইজাৰলেণ্ডত আমেৰিকা আৰু চীনৰ বাণিজ্যিক প্ৰতিনিধিসকলে শুল্ক যুদ্ধৰ বিষয়ে আলোচনাত মিলিত হয়। এই বৈঠকত আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্ট, বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰ, আৰু চীনৰ বাণিজ্য প্ৰতিনিধি হে লিফং উপস্থিত আছিল। দীৰ্ঘ আলোচনাৰ পিছত তেওঁলোকে যৌথ বিবৃতিত ঘোষণা কৰে যে দুয়োখন দেশে ৯০ দিনৰ বাবে শুল্ক হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন শুল্ক নীতি অনুসৰি আমেৰিকাই ১৪৫ শতাংশৰ পৰিৱৰ্তে ৩০ শতাংশ আৰু চীনে ১২৫ শতাংশৰ পৰিৱৰ্তে ১০ শতাংশ শুল্ক আৰোপ কৰিব।  অৱশ্যে এই নতুন শুল্ক গাঁথনিৰ বিশদ তথ্য এতিয়াও প্ৰকাশ কৰা নাই। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে মঙলবাৰে এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰা হবুলি সদৰী কৰিছে।