নেতাৰ চৰিত্ৰহনন : গোলাঘাটত ৱেব পৰ্টেলৰ বিৰুদ্ধে গোচৰ ৰুজু প্ৰশাসনৰ

গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীক লৈ নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰি অশোভনীয় তথা আপত্তিজনক মন্তব্য সম্বলিত অডিঅ’ ক্লিপ প্ৰচাৰ কৰা এটা ৱেব পৰ্টেলৰ বিৰুদ্ধে গোলাঘাট জিলা প্ৰশাসনে গোলাঘাট থানাত এজাহাৰ দাখিল কৰিছে ।
গোলাঘাট থানাত এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ ২৯৪ ধাৰা তথা আই টি এক্টৰ RW- 67 ধাৰাৰ অধীনত 238/2021 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ।
“News অসম Hotline” নামৰ ৱেব পৰ্টেলটোৱে কালি দুজন লোকৰ মাজত হোৱা কথোপকথনৰ এটা অডিঅ’ ক্লিপ প্ৰচাৰ কৰিছিল ।
অডিঅ’ ক্লিপটোত হোৱা কথোপকথনত এগৰাকী বিশেষ ৰাজনীতিকৰ চৰিত্ৰ হননকাৰী মন্তব্য কৰা হৈছিল ।
ৱেব পৰ্টেলটোৰ স্বত্বাধিকাৰীলৈ গোলাঘাট নিৰ্বাচন জিলাৰ মিডিয়া চাৰ্টিফিকেচন এণ্ড মণিটৰিং কমিটিয়ে কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছে ।
এই ক্ষেত্ৰত গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে এনে প্ৰৰোচনামূলক আৰু ব্যক্তিৰ সন্মানত আঘাত হানিব পৰা অশোভনীয় কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহ’ব ।
এনে কাৰ্যকলাপৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে ।
নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে তেওঁ সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।