NORTHEAST NOW (Assamese)
Popular Stories

স্বামীয়ে পত্নীক ঘৰৰ কাম কৰিবলৈ দিলে তাক নিষ্ঠুৰতা বুলি ক’ব নোৱাৰি : দিল্লী উচ্চ ন্যায়ালয়

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 7, 2024 6:40 pm

সকলো স্বামীয়েই আশা কৰে যে তেওঁৰ পত্নীয়ে ঘৰৰ কামবোৰ কৰিব। ইয়াক নিষ্ঠুৰতা বুলি ক’ব নোৱাৰি। বৃহস্পতিবাৰে (৭ মাৰ্চ) এটা বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে এই কথা পৰ্যবেক্ষণ কৰে। 

ঘটনা অনুসৰি এগৰাকী মহিলাই স্বামীৰ ওপৰত ‘নিষ্ঠুৰতা’ৰ অভিযোগ বিবাহ বিচ্ছেদ বিচাৰিছিল। 

ইয়াৰ বিপৰীতে স্বামীয়ে পৰিয়ালেও উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। সেই আবেদনৰ ভিত্তিত ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠে কয় যে বিবাহিত মহিলাক ঘৰৰ কাম কৰিবলৈ কোৱাৰ অৰ্থ এইটো নহয় যে তেওঁক দাসী হিচাপে ব্যৱহাৰ কৰা হৈছে। এই ক্ষেত্ৰত মহিলাগৰাকীয়ে পৰিয়ালৰ প্ৰতি থকা মৰম আৰু দায়িত্বৰ বাবেই কামবোৰ কৰিব বুলি আশা কৰা হয়।

ইয়াৰ উপৰিও আদালতে ৰায় দিয়ে যে বিবাহৰ উদ্দেশ্য ভৱিষ্যতৰ দায়িত্বৰ ভাগ-বতৰা কৰা। গতিকে, যদি স্বামীয়ে পত্নীৰ পৰা ঘৰৰ কাম কৰিব বুলি আশা কৰে, তেন্তে নিষ্ঠুৰতাৰ কোনো প্ৰশ্নই নাহে। 

ন্যায়াধীশ সুৰেশ কাইটে কয়, ‘সাধাৰণতে স্বামীয়ে আৰ্থিক দায়িত্ব গ্ৰহণ কৰে আৰু পত্নীয়ে ঘৰ চলোৱাৰ দায়িত্ব লয়। পত্নীক ঘৰৰ কাম কৰিবলৈ কোৱাতো নিষ্ঠুৰতা নহয়। 

জানিব পৰা মতে আবেদনকাৰী অৰ্থাৎ স্বামী চি আই এছ এফৰ জোৱান। অভিযোগ অনুসৰি তেওঁৰ পত্নীয়ে ঘৰৰ কোনো কাম নকৰে। আনকি অসুস্থ শহুৰেকক অকলে এৰি থৈ গুচি যায়। নিজৰ স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ ভুৱা অপৰাধমূলক গোচৰো ৰুজু কৰে মহিলাগৰাকীয়ে।