বিজেপিৰ কৃপা! হায়দৰাবাদত ‘ৰেইড ডিটাৰজেন্ট’ৰ পোষ্টাৰে পোষ্টাৰে হিমন্ত বিশ্ব শৰ্মা!
দিল্লী সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত আজি দিল্লীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সন্মুখীন হয় ভাৰত ৰাষ্ট্ৰ সমিতিৰ জেষ্ঠ্য নেত্ৰী তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা।
কেন্দ্ৰীয় সংস্থাটোৱে কে কবিতাক দিল্লী জেৰা কৰাৰ সময়তে আজি হায়দৰাবাদৰ বহু ঠাইত দেখিবলৈ পোৱা গ’ল কিছু বিশেষ পোষ্টাৰ। বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও বিজেপি নেতাৰ লগতে কে কবিতাৰ ছবি সন্নিৱিষ্ট কৰা হৈছে এই পোষ্টাৰসমূহত।
পোষ্টাৰসমূহত দেখুওৱা হৈছে ‘ৰেইড ডিটাৰজেন্ট’ নামৰ এক বিশেষ ডিটাৰজেন্টৰ প্ৰভাৱ। বিভিন্ন গোচৰত কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ সন্মুখীন হৈ পিছত বিজেপিত যোগদান কৰা কেইবাখনো ৰাজ্যৰ বিজেপি নেতাৰ ছবি পোষ্টাৰসমূহত সংলগ্ন কৰি মূলত: বিজেপিক কটাক্ষ কৰা হৈছে।
‘#বাই বাই মোডী’ লিখা এই পোষ্টাৰসমূহত বিভিন্ন গোচৰত কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ সন্মুখীন হৈ পিছত বিজেপিত যোগদান কৰা বিভিন্ন ৰাজ্যৰ বিজেপি নেতাৰ ওপৰত আৰু কে কবিতাৰ ওপৰত এই ‘ৰেইড ডিটাৰজেন্ট’ৰ প্ৰভাৱ দেখুওৱা হৈছে।
‘ৰেইড ডিটাৰজেণ্ট’ৰ দ্বাৰা বিজেপি নেতাসকলে পৰিধান কৰা দাগ থকা বগা টি-চাৰ্টৰ ৰং বগাৰ পৰা গেৰুৱালৈ সলনি হৈ পৰা দেখা গৈছে। আনহাতে কে কবিতাৰ কাপোৰৰ ওপৰত এই ‘ৰেইড ডিটাৰজেণ্ট’ৰ কোনো প্ৰভাৱ নপৰা দেখুওৱা হৈছে।
ইয়াৰ পূৰ্বে ভাৰত ৰাষ্ট্ৰ সমিতিৰ কৰ্মী আৰু সমৰ্থকসকলে তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা দলৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ বাসগৃহৰ বাহিৰত সমবেত হৈ কে কবিতাৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰে।
উল্লেখ্য যে, দিল্লীৰ সুৰা কেলেংকাৰীৰ এই গোচৰতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়া। এই গোচৰত জেৰাৰ বাবে ইডি- এ কে কবিতাক প্ৰথমে ৯ মাৰ্চত উপস্থিত হ’বলৈ চমন জাৰি কৰিছিল।
কিন্তু শুকুৰবাৰে দিল্লীত গ্ৰহণ কৰা অনশন কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ তদন্তকাৰী সংস্থাটোক জেৰাৰ তাৰিখ পিছুৱাই দিবলৈ আহ্বান জনাইছিল। বি আৰ এছ নেত্ৰীগৰাকীয়ে ইডিৰ চমনৰ পিছতে ইডিৰ চমন আৰু প্ৰধানমন্ত্ৰী মোদীৰ চমনৰ কোনো পাৰ্থক্য নাই বুলি বিজেপি চৰকাৰক কটাক্ষ কৰিছিল।