NORTHEAST NOW (Assamese)
ক্ৰীড়া

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জন ৰোহিত শৰ্মাৰ: সম্পূৰ্ণ কৰিলে ১৭ সহস্ৰাধিক ৰান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2023 8:02 pm
Rohit Sharma

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত আহমেদাবাদ টেষ্ট তৃতীয় দিনা আজি এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে। অষ্ট্ৰেলিয়াৰ ৪৮০ ৰানৰ প্ৰত্যুত্তৰত ভাৰতৰ ইনিংছত আজি ৰোহিত শৰ্মাই ৩৫ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

এই ইনিংছটোৰে ৰোহিত শৰ্মাই আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ১৭,০০০ ৰান সম্পূৰ্ণ কৰে। এইদৰে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই অনন্য সাফল্য অৰ্জন কৰা ষষ্ঠগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয়।

ৰোহিত শৰ্মাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈকে ভাৰতৰ হৈ কেৱল শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী, ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলী আৰু এম এছ ধোনিয়েহে ১৭,০০০ ৰানৰ সংখ্যাও অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এতিয়া এই অভিজাত তালিকাত নিজৰ নামো সন্নিৱিষ্ট কৰিলে ৰোহিত শৰ্মাই।

উল্লেখ্য যে, এই তালিকাত শীৰ্ষস্থানত আছে কিংবদন্তী তাৰকা তথা ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ। ৬৬৪ খন মেচত ৩৪,৩৫৭ ৰান সংগ্ৰহেৰে শচীন দেশৰ লগৰে বিশ্বৰে সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈৰ ৰেকৰ্ডৰ অধিকাৰী।

শচীন তেণ্ডুলকাৰৰ পিছতে বিৰাট কোহলীয়ে ৪৯৪ খন মেচত ২৫,১০৬ ৰান, ৰাহুল দ্ৰাবিড়ে ৫০৪ খন খেলত ২৪,০৬৪ ৰান, সৌৰভ গাংগুলীয়ে ৪২১ খন খেলত ১৮,৪৩৩ ৰান আৰু ধোনীয়ে ৫৩৫ খন খেলত ১৭,০৯২ ৰান সংগ্ৰহ কৰিছে।

আজিৰ এই ৩৫ ৰানৰ ইনিংছটোৰে ৰোহিত শৰ্মাই আন্ত:ৰাষ্টীয় কেৰিয়াৰৰ ৪৩৮ খন মেচত নিজৰ সংগ্ৰহিত ৰানৰ সংখ্যা ১৭,০১৪ লৈ বৃদ্ধি কৰে।

ইফালে চলিত টেষ্টখনত অষ্ট্ৰেলিয়াৰ ৪৮০ ৰানৰ বৃহৎ স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতে কালিৰ ৩৬ ৰানৰ পৰা আজিৰ ইনিংছ আৰম্ভ কৰি আজি দিনটোৰ খেল সামৰণিলৈকে ৩ উইকেটৰ বিনিময়ত ২৮৯ ৰান সংগ্ৰহ কৰিছে।

অধিনায়ক ৰোহিত শৰ্মাই ৩৫ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ পিছত শুভমন গিল আৰু পূজাৰাই ভাৰতীয় ইনিংছৰ ভেটি গঢ়ি তোলে। পূজাৰাই ৪২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গিলে ১২৮ ৰানৰ এক দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে।

বৰ্তমান বিৰাট কোহলীয়ে ৫৯ আৰু ৰবীন্দ্ৰ জাদেজাই ১৬ ৰানৰ সংগ্ৰহ কৰি ক্ৰীজত অপৰাজিত আছে। হাতত সাতটা উইকেট বাকী থকা অৱস্থাত ভাৰত এতিয়াও অষ্ট্ৰেলিয়াতকৈ ১৯১ ৰানত পিছ পৰি আছে।