NORTHEAST NOW (Assamese)
জীৱনশৈলী

৫৫টা কণী, ৫ কেজি মাংস! দিনটোত আৰু কি কি খায় গ্ৰেট খালীয়ে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 2, 2024 7:24 pm

দ্য গ্ৰেট খালীক সমগ্ৰ বিশ্বই চিনি পায়। তেওঁ এজন বিশ্ব বিখ্যাত মল্লযুঁজাৰু। ডব্লিউ ডব্লিউ ই নামৰ টিভি শ্ব’টোৰ দ্বাৰা সমগ্ৰ বিশ্বতেই জনপ্ৰিয় হৈ পৰিছিল তেওঁ। প্ৰকাণ্ড শৰীৰ আৰু শক্তিৰ বাবে জনপ্ৰিয় তেওঁ। বিশ্বৰ শক্তিশালী মল্লযুঁজাৰুক পৰাস্ত কৰি থৈছে দ্য গ্ৰেট খালীয়ে।

গ্ৰেট খালী প্ৰায় ৭ ফুট ১ ইঞ্চি ওখ। তেওঁৰ প্ৰকৃত নাম দলিপ সিং ৰানা। হিমাচল প্ৰদেশৰ এখন গাঁৱৰ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।

ইমান প্ৰকাণ্ড শৰীৰ আৰু শক্তিৰ বাবে কি খায় গ্ৰেট খালীয়ে, সেই বিষয়ে বহুতৰে কৌতুহল আছে।

তেওঁ সাধাৰণ মানুহতকৈ প্ৰায় ১০ গুণ বেছি খাদ্য খায়। সাধাৰণ মানুহৰ লগত তেওঁৰ জীৱনশৈলীৰ বহু পাৰ্থক্য আছে।

এইগৰাকী ভাৰতীয় মল্লযুঁজাৰুৰ শৰীৰৰ ওজন ১৫০ৰ পৰা ১৬০ কিলোগ্ৰামৰ ভিতৰত। তেওঁৰ ভৰিৰ আকাৰৰ জোতা বজাৰত কিনিবলৈ নাপায়। ইমান ডাঙৰ জোতা কোনো কোম্পানীয়ে তৈয়াৰ নকৰে।

তেওঁ প্ৰতিদিনে কি খায় জানেনে? তেওঁ প্ৰতিদিনে ৫৫টা কণী, ৫ কেজি কুকুৰাৰ মাংস, ১০ লিটাৰ গাখীৰ খায়। প্ৰতিদিনে তেওঁ ৬০ৰ পৰা ৭০টা লূচী ভক্ষণ কৰে। খালীৰ প্ৰিয় খাদ্য হ’ল চিকেন কাছা আৰু কণীৰ তৰকাৰী। কেৱল খাব পৰাই নহয়, বৰ ভালকৈ ৰান্ধিবও পাৰে।

উল্লেখ্য খালীৰ পত্নী হৰমিন্দাৰ কৌৰে ২০১৪ চনত এটি কন্যা সন্তান জন্ম দিয়ে। সন্তানটিৰ নাম ইভেলিন ৰানা। কন্যাৰ বয়স এতিয়া ১০ বছৰ। খলীয়ে চচিয়েল মিডিয়াত পৰিয়াল আৰু কন্যাৰ সৈতে বিভিন্ন মুহূৰ্ত শ্বেয়াৰ কৰে।