NORTHEAST NOW (Assamese)

ৰাজধানী দিল্লীত জইচ-ই-মহম্মদৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আটক

November 17, 2020 4:01 pm · এন ই নাও নিউজ

দিল্লী আৰক্ষীয়ে দুজন জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক ৰাজধানী দিল্লীত আটক কৰিবলৈ সক্ষম হয়।

দুয়োজন সন্ত্ৰাসবাদীক দিল্লীৰ চৰাই কাল খানৰ পৰা সোমবাৰে নিশা আটক কৰা হয়।

দিল্লী আৰক্ষীয়ে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী দুজনক আটক কৰি ৰাজধানী দিল্লীক ভয়ংকৰ কূটাঘাতৰ সন্মুখিন হোৱাৰ পৰা ৰক্ষা কৰে।

আৰক্ষীয়ে সন্ত্ৰাসবাদী দুজনৰ পৰা দুটা আংশিকভাৱে স্বয়ংক্ৰিয় পিষ্টল আৰু ১০ জাই সজীৱ গুলী উদ্ধাৰ কৰে।

আটক হোৱা সন্ত্ৰাসবাদী দুজন জম্মু-কাশ্মীৰৰ আব্দুল লতিফ মীৰ (২২) আৰু মহম্মদ আশ্ৰফ খাতানা (২০) বুলি চিনাক্ত কৰা হৈছে।

আব্দুল লতিফ মীৰৰ ঘৰ জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰৰ পালা মোহল্লা আৰু মহম্মদ আশ্ৰফ খাতানাৰ ঘৰ কুপৱাৰাৰ মোল্লা গাঁৱত।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি দুয়োজন সন্ত্ৰাসবাদীয়ে দিল্লীত কূটাঘাত সংঘটিত কৰি নেপাল হৈ পাকিস্তান অধিকৃত কাশ্মীৰলৈ পলায়ন কৰাৰ বাবে পৰিকল্পনা কৰিছিল।

Related News