NORTHEAST NOW (Assamese)

প্ৰদূষণৰ গ্ৰাসত ​​দিল্লী, উচ্চতম ন্যায়ালয়ৰ শুনানি অনলাইন মাধ্যমত চলাবলৈ অনুৰোধ অধিবক্তাৰ

November 27, 2025 11:34 am · এন ই নাও নিউজ গুৱাহাটী

দিল্লীৰ প্ৰদূষণে উচ্চতম ন্যায়ালয়ৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পেলাইছে। বুধবাৰে এছ আই আৰ সন্দৰ্ভত শুনানিৰ সময়ত অধিবক্তা ৰাকেশ দ্বিবেদীয়ে তেওঁৰ উশাহ-নিশাহৰ সমস্যাৰ কথা উল্লেখ কৰি ৰাজধানীৰ পৰিস্থিতিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ বিচাৰপীঠক ভাৰ্চুৱেলভাৱে আদালতৰ শুনানি অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায়। উপস্থিত থকা জ্যেষ্ঠ ন্যায়াধীশ কপিল ছিবালেও তেওঁক সমৰ্থন কৰে।

দিল্লীৰ প্ৰদূষিত বতৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতি আমাৰ দৰে জ্যেষ্ঠ নাগৰিকৰ বাবে অতি কঠিন। তেওঁলোকৰ কথাত সন্মতি প্ৰকাশ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে নিয়ম অনুসৰি তেওঁ প্ৰতিদিনে পুৱা কমেও এঘণ্টা খোজকাঢ়ে। মঙলবাৰে তেওঁ তেনে কৰি অস্বস্তি অনুভৱ কৰিছিল। একে সময়তে তেওঁ এই বিষয়ে চিন্তা কৰিব বুলিও কয়। একে সময়তে তেওঁ যি সিদ্ধান্ত লওঁক, বাৰ এছচিয়েশ্যনৰ সৈতে আলোচনা কৰি লব বুলিও কয়। বুধবাৰে সন্ধিয়া বাৰৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰি এই সন্দৰ্ভত সিদ্ধান্ত লব বুলি ইংগিত দিয়ে। প্ৰসংগক্ৰমে দিল্লী চৰকাৰে বৰ্দ্ধিত প্ৰদূষণৰ বাবে যোৱা বৃহস্পতিবাৰে নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া সকলো স্কুল-কলেজ খেলপথাৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ নিৰ্দেশ দিছিল। একে সময়তে চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীকো ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে দিল্লীৰ বতাহ দীপাৱলীৰ পৰা বিষাক্ত হৈ পৰিছে। সেইবাবেই দিল্লী চৰকাৰে ক্লাউড ছিডিংৰ ব্যৱস্থা কৰিছে। শেহতীয়াকৈ ইয়াৰ পৰীক্ষাও কৰা হৈছিল। কিন্তু বৰষুণ হোৱা নাছিল। অৱশ্যে তিনিটা ব্যৰ্থ প্ৰচেষ্টাত ইতিমধ্যে প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু কোনো লাভ হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰদূষণ দিনক দিনে বাঢ়িছেহে

Related News