NORTHEAST NOW (Assamese)

কাইলৈ আছু-নেছ’ৰ বন্ধৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ দিলে দিল্লী পাব্লিক স্কুলে

December 9, 2019 11:09 am · এন ই নাও নিউজ

কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা বন্ধৰ পৰিপ্ৰেক্ষিতত দিল্লী পাব্লিক স্কুলে বিদ্যালয় বন্ধ দিছে।

দিল্লী পাব্লিক স্কুল, গুৱাহাটীয়ে জাৰি কৰা জাননী অনুসৰি ১০ ডিচেম্বৰৰ উত্তৰ-পূব বন্ধৰ বাবে উক্ত দিনা অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে হিন্দী পৰীক্ষা অহা ১৬.১২.২০১৯ তাৰিখে অনুষ্ঠিত হ’ব।

সেইদৰে কাইলৈ অনুষ্ঠিত হ’বলগীয়া নৱম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা অহা ১৯.১২.২০১৯ তাৰিখে অনুষ্ঠিত হ’ব।

জাননী অনুসৰি বাকী পৰীক্ষাৰ কাৰ্যসূচী পূৰ্ব নিৰ্দ্ধাৰিত তাৰিখ অনুসৰিয়েই অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰ উত্তৰ-পূব ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ১১ ঘন্টীয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰিছে।

উত্তৰ-পূব ছাত্ৰ সন্থাৰ অন্যতম অংশীদাৰ সদৌ অসম ছাত্ৰ সন্থাইয়ো অসমত এই বন্ধ সৰ্বাত্মক কৰি তোলাৰ বাবে প্ৰস্তুতি চলাইছে।

আনহাতে, ১০ ডিচেম্বৰৰ এই বন্ধৰ প্ৰতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম কৰ্মচাৰী পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠনে সমৰ্থন আগবঢ়াইছে।

Related News