NORTHEAST NOW (Assamese)
Popular Stories

‘২০২০ দিল্লী হিংসা ভাৰতৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ’-ওমৰ খালিদৰ জামিনৰ বিৰুদ্ধে আৰু অধিক কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2025 9:12 pm

দিল্লী হিংসাত্মক ঘটনাৰ অভিযুক্ত ওমৰ খালিদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰই। এইবাৰ কাৰাবন্দী ওমৰৰ বিৰুদ্ধে আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মোদী চৰকাৰে। দিল্লী আৰক্ষীৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দাবী কৰিছে যে ২০২০ চনৰ দিল্লী হিংসা আচলতে এক সুপৰিকল্পিত ভাৰত বিৰোধী ষড়যন্ত্ৰ। খালিদ ইয়াৰ লগত জড়িত।

মঙলবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে ২০২০ চনৰ দিল্লী হিংসা আকস্মিক ঘটনা বা স্বতঃস্ফূৰ্ত জনক্ষোভ নহয়। সুপৰিকল্পিত, সুচিন্তিত আৰু পূৰ্ব পৰিকল্পিত হিংসা আছিল। ইয়াৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত বিভাজন সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। CAAৰ বিৰোধিতাৰ নামত আচলতে যিটো হৈছে সেয়া কেৱল আইন এখনৰ বিৰোধিতা নহয়। আচলতে ই সমাজখনক বিভাজিত কৰাৰ এক পৰিকল্পিত প্ৰয়াস। ইয়াৰ জৰিয়তে ভাৰতৰ সাৰ্বভৌমত্বক আঘাত কৰাৰ প্ৰয়াস কৰা হৈছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা হিংসাত্মক প্ৰতিবাদ আৰু হিংসাৰ লগত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে উমৰক গ্ৰেপ্তাৰ কৰি ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰে। তাৰ পিছৰে পৰা জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে কেইবাবাৰো জামিনৰ বাবে আবেদন জনাইছে। প্ৰতিবাৰেই নাকচ কৰা হৈছিল। যদিও কেইবাবাৰো পেৰলত মুকলি কৰি দিয়া হৈছিল, তথাপিও জেলৰ পৰা মুক্তি পোৱা নাছিল।

উল্লেখ্য যে, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজধানীত CAA আৰু NRC বিৰোধী প্ৰতিবাদৰ সময়ত দক্ষিণ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত ৫৩ জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে ওমৰৰ নাম ওলাই। সেই বছৰৰ ছেপ্টেম্বৰ মাহত তেওঁক উচটনিমূলক বক্তব্য দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হয়। অৱশ্যে ওমৰ খালিদক গ্ৰেপ্তাৰ কৰাত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হয়। CAA-NRCৰ বিৰুদ্ধে কণ্ঠ দমন কৰিবলৈ উমৰক কাৰাগাৰত বন্দী কৰা বুলি অভিযোগ উত্থাপন হৈছিল। জে এন ইউৰ এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ জামিনৰ বিৰোধিতা কৰিছে কেন্দ্ৰই।