NORTHEAST NOW (Assamese)

পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান : উচ্চ শিক্ষাৰ বাবে বৃদ্ধি ১৩শৰো অধিক আসন

October 28, 2020 2:29 pm · এন ই নাও নিউজ
Updated: October 28, 2020 2:34 pm

পৰৱৰ্তী জাননী নিদিয়ালৈকে দেশৰ ৰাজধানী দিল্লীৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। আজি এই কথা ঘোষণা কৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিচুডিয়াই।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কোভিডৰ আতংকময় পৰিৱেশত শিক্ষাৰ্থীৰ অভিভাৱক আৰু শিক্ষকসকলে শিক্ষানুষ্ঠান পুনৰ নুখুলিবলৈ পৰামৰ্শ দিয়াৰ বাবে দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“ক’ৰ’ণাতংকৰ সময়ত বহুসংখ্যক অভিভাৱক আৰু শিক্ষকে শিক্ষানুষ্ঠানসমূহ পুনৰ নুখুলিবলৈ পৰামৰ্শ আ্গবঢ়াইছে। যদি ২০০-৪০০ শিক্ষাৰ্থী বিদ্যালয়লৈ আহে তেওঁলোকৰ মাজত কোভিড সংক্ৰমণ ঘটাৰ সম্ভাৱনা আছে। ৰিপ’ৰ্টৰ মতে শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিলে দেশত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব।” উপ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্য যে ২২ মাৰ্চত দেশজুৰি লকডাউন বলৱৎ কৰাৰে পৰা সমগ্ৰ দেশৰ লগতে দিল্লীৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হৈছিল।

ইয়াৰ পিছতে অনলাইন ক্লাছ আৰম্ভ কৰা হৈছিল যদিও এই প্ৰচেষ্টাই সকলো শিক্ষাৰ্থীকে সাঙুৰি ল’ব পৰা নাছিল।

ইফালে দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে আৰু কয় যে দিল্লীত উচ্চ শিক্ষাৰ বাবে অতিৰিক্ত ১,৩৩০ খন আসন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।

গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ অধীনৰ ১৩০খন মহাবিদ্যালয়ত কলাৰ স্নাতকৰ লগতে কাৰিকৰী আৰু বাণিজ্যিক প্ৰশাসকৰ স্নাতকৰ বাবে অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হৈছে।

MBA, MVoc  আৰু  MScৰ আসনো বৃদ্ধি কৰা হ’ব বুলি উপ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

Related News