NORTHEAST NOW (Assamese)

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰৰ পাছত নিৰ্বাচন আয়োগে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ভোটাৰ তালিকা বা এছ আই আৰৰ ব্যাপক সংশোধন সমগ্ৰ দেশতে হ’ব। ৰাজধানী দিল্লীত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম আছে নে নাই পৰীক্ষা কৰিবলৈ দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই অনুৰোধ জনাইছে।

দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ভোটাৰ তালিকা পৰীক্ষাৰ এই পৰ্যায় ২৬ অক্টোবৰলৈকে।বিবৃতিটোত ভোটাৰ আৰু তেওঁলোকৰ অভিভাৱকৰ নাম ২০০২ চনৰ ভোটাৰ তালিকাত আছে নে নাই পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ২০০২ চনৰ ভোটাৰ তালিকাৰ কপি দিল্লীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ৱেবছাইটতো আপলোড কৰা হৈছে। আয়োগে জনাইছে যে যদি কাৰোবাৰ নাম নোহোৱা হয় তেন্তে বৈধ নথি-পত্ৰ সাজু কৰি ৰাখিব লাগে। যাতে তেওঁলোকে পৰীক্ষণৰ সময়ত কোনো সমস্যাৰ সন্মুখীন নহয়। অৰ্থাৎ দিল্লীতো SIR প্ৰক্ৰিয়া আৰম্ভ হৈছে।

উল্লেখযোগ্য যে বৰ্তমান উচ্চতম ন্যায়ালয়ত এছ আই আৰ সন্দৰ্ভত কেইবাটাও গোচৰ চলি আছে। বিহাৰৰ ক্ষেত্ৰত আয়োগে প্ৰথমে ভোটাৰ তালিকাত নাম পঞ্জীয়নৰ বাবে ১১খন নথি ঘোষণা কৰিছিল। পিছত নিৰ্বাচন আয়োগৰ নিৰ্দেশত প্ৰমাণ পত্ৰ হিচাপে আধাৰ কাৰ্ডো সংলগ্ন কৰা হয়। যদিও উচ্চতম ন্যায়ালয় আৰু আয়োগে স্পষ্ট কৰি দিছে যে আধাৰ কেৱল পৰিচয় পত্ৰহে আৰু কোনো প্ৰকাৰে নাগৰিকত্বৰ প্ৰমাণ নহয়।

প্ৰসংগক্ৰমে SIRৰ পিছত বিহাৰৰ খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম বাদ পৰিল। এই ৬৫ লাখ ভোটাৰৰ বহুতেই বৈধ ভোটাৰ বুলি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে। প্ৰথম অৱস্থাত নিৰ্বাচন আয়োগে এই বাদ পৰা ভোটাৰৰ তালিকাও পৃথকে পৃথকে প্ৰকাশ কৰা নাছিল। কিন্তু পিছত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে এই তালিকা প্ৰকাশ হয়। ইয়াক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। এই সকলোবোৰৰ মাজতে দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া।

Related News