NORTHEAST NOW (Assamese)
Popular Stories

সুৰাপায়ীৰ বাবে সুখবৰ: বছৰত মাত্ৰ তিনিদিন হ’ব ড্ৰাই ডে’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2022 7:23 pm
Dry day

ড্ৰাই ডে’মানেই যেন সুৰাপায়ীৰ বাবে এক অশান্তিজনক আৰু কষ্টকৰ দিন। বছৰৰ এই নিৰ্দিষ্ট দিন কেইটাত সুৰাপায়ী সকল হয়তু তীব্ৰ যন্ত্ৰণাত ভোগে।

পিছে সুৰাপায়ীৰ বাবে আছে এক সুখবৰ। সুৰাপায়ীসকলৰ যন্ত্ৰণা লঘূ কৰিবলৈ এইবাৰ চৰকাৰে হ্ৰাস কৰিছে ড্ৰাই ডে’ৰ সংখ্যা। পূৰ্বৰ বছৰটোৰ ২১ টা ড্ৰাই ডে’ৰ পৰিৱৰ্তে এই বৰ্ষত থাকিব মাত্ৰ তিনিদিন ড্ৰাই ডে’।

অৱশ্যে এই নিয়ম সমগ্ৰ দেশৰ বাবে নহয়। কেৱল দিল্লীতহে কাৰ্যকৰী হ’ব সুৰাপায়ীৰ বাবে সুখকৰ এই নিয়ম।

দিল্লী চৰকাৰে এক নিৰ্দেশনাৰ যোগে এইবাৰ ৰাজ্যখনত ‘ড্ৰাই ডে’ৰ সংখ্যা ২১ ৰ পৰা তিনি দিনলৈ হ্ৰাস কৰিছে।

দিল্লী চৰকাৰৰ আবকাৰী বিভাগৰ মতে সুৰাৰ দোকানসমূহ এই বৰ্ষত কেৱল স্বাধীনতা দিৱস (১৫ আগষ্ট), গণতন্ত্ৰ দিৱস (২৬ জানুৱাৰী) আৰু গান্ধী জয়ন্তী (২ অক্টোবৰ)ত হে বন্ধ থাকিব।

নিৰ্দেশটোত কোৱা হৈছে যে ওপৰোক্ত তিনিটা দিনৰ বাহিৰে, চৰকাৰে বছৰটোৰ আন যিকোনো দিনক সময়ে সময়ে ‘ড্ৰাই ডে’ হিচাপে ঘোষণা কৰিব পাৰে।

অৱশ্যে এল-15 অনুজ্ঞাপত্ৰ থকা হোটেলৰ ক্ষেত্ৰত অধিবাসীসকলৰ বাবে সুৰা সেৱাৰ ক্ষেত্ৰত ড্ৰাই ডে’ৰ নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দেশ তথা ৰাজ্যখনৰ মহান নেতাসকলৰ জন্ম জয়ন্তী আৰু ধৰ্মীয় উৎসৱকে ধৰি ২১ টা দিনক দিল্লীত ড্ৰাই ডে’ হিচাপে ঘোষণা কৰা হৈছিল।