NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীয়ে ঢাকাৰ ওচৰত উত্থাপন কৰিব অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ

Posted by: ৰূপা সৰকাৰ Updated by: ৰূপা সৰকাৰ July 22, 2019 7:29 pm
Amit Bhai Shah

নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্য্যকালত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রথমখন দ্বিপাক্ষিক বৈঠকত নতুন দিল্লীয়ে ঢাকাৰ ওচৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উত্থাপন কৰাৰ সম্ভাৱনা আছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালত এইখন বাংলাদেশৰ সৈতে প্রথমখন দ্বিপাক্ষিক বৈঠক হ’ব।

বাংলাদেশৰ গৃহমন্ত্ৰী আচাদ্দুজামান খানে ৭ আগষ্টত কৰিবলগীয়া ভাৰত ভ্ৰমণৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুপ্ৰৱেশকাৰীৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে।

চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, বৈঠকত সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা, সীমান্ত অঞ্চলেৰে পশুধনৰ সৰবৰাহ আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ বিষয়ে আলোচনা কৰা হ’ব।

ভাৰতৰ গৃহমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত অমিত শ্বাহৰ বাংলাদেশৰ গৃহমন্ত্ৰীৰ সৈতে এইখন প্ৰথম বৈঠক হ’ব।

বৈঠকত শ্বাহে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ বাংলাদেশ চৰকাৰৰ সন্মুখত শক্তিশালীভাৱে উপস্থাপন কৰিব বুলি আশা কৰা হৈছে।

ভাৰতে কেতিয়াও বাংলাদেশৰ সৈতে অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ আলোচনাই কৰা নাই বুলি বাংলাদেশ চৰকাৰে দিয়া বক্তব্য চলিত বৈঠকত অন্ত পৰাৰো সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাত জৰ্জৰিত অসম আৰু উত্তৰ-পূবৰ বাবে ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক বৈঠকখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।