NORTHEAST NOW (Assamese)
অসম

ভৱানীপুৰৰ শুকমানাহৰ আশ্ৰয় শিবিৰত বন্যাৰ্তৰ হাহাকাৰ; ৰোগত আক্ৰান্ত শিশুসহ কেইবাজনো লোক

Posted by: আনিছুজ জামান Updated by: আনিছুজ জামান July 22, 2019 8:21 pm
IMG_20190722_171716

বৰপেটা জিলাৰ বান পৰিস্থিতি সামান্য পৰিমানে উন্নত হৈছে যদিও এতিয়া খাদ্য সংকটত ভুগিছে মানুহৰ লগতে পশুধন। খাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আশ্ৰয় শিবিৰ সমূহত। বিশুদ্ধ খোৱা পানীৰ অভাৱত ৰোগত আক্ৰান্ত হৈছে দুটি শিশুসহ তিনিগৰাকী ব্যক্তি।

বৰপেটা জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত শুকমানাহস্থ পল্লাৰপাৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১৩ জুলাইৰ পৰা ৩২টা পৰিয়ালে আশ্ৰয় লৈ আছে যদিও স্থানীয় কোনো জন প্ৰতিনিধি তথা জিলা প্ৰশাসনে কোনো ধৰণৰ খা-খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে বানত ক্ষতিগ্ৰস্ত ভুক্তভোগীয়ে।

জিলাখনৰ ভিন্ন প্ৰান্তৰ ঠাই সমূহৰ লগতে শুকমানাহ অঞ্চলৰ পানী ইতিমধ্যে কমিছে যদিও কিছু লোকৰ ঘৰত এতিয়াও পানী থকাৰ বাবে শিবিৰত আশ্ৰয় লব লগীয়া হৈ আছে। শিবিৰবাসী বানাক্ৰান্তই কোনোমতে এসাজ খাইছে যদিও আন এসাজ খাবলৈ নোপোৱাৰ কথাও সাংবাদিকৰ আগত অতি ক্ষোভ আৰু পৰিতাপেৰে প্ৰকাশ কৰে।

উল্লেখ্য যে এই শিবিৰৰ সমীপতে থকা উপ-স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে মাত্ৰ এদিন শিবিৰ পৰ্যবেক্ষণ কৰি সামান্য পৰিমাণৰ ঔষধৰ সহায় আগবঢ়োৱা ক্ষেত্ৰতো উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি চৰকাৰী সাহায্যৰ নামত এবাৰ মাত্ৰ ৯০০ গ্ৰাম চাউল আৰু ১৫০ গ্ৰামকৈ দাইল দি দায়িত্ব সামৰাৰ কথাও শিবিৰবাসীয়ে উল্লেখ কৰে।

ইপিনে আজি উক্ত শিবিৰটোত ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বিল্লাল হুছেইনে পৰিদৰ্শন কৰি বন্যাৰ্তৰ অৱস্থাৰ বুজ লৈ ব্যক্তিগত ভাৱে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে চৰকাৰক অতি শীঘ্ৰে বানপীড়িত লোকক পৰ্যাপ্ত পৰিমানৰ সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনায় সভাপতি গৰাকীয়ে।