NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ শিহৰণকাৰী হত্যাকাণ্ডঃ হত্যাকাৰী আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ ১৫ দিনৰ ভিতৰতে গোটাই লৈছিল নতুন সংগী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 16, 2022 7:52 am

দিল্লীৰ শিহৰণকাৰী শ্ৰদ্ধা হত্যাৰ নতুন নতুন তথ্য পোহৰলৈ আহিয়েই আছে। হত্যাকাৰী কিমান নিষ্ঠুৰ আছিল সেই কথাৰ প্ৰমাণ আৰক্ষীয়ে চলোৱা অনুসন্ধানতে ওলাই পৰিছে। আফতাব আমিন পুনাৱালাই তেওঁৰ আঢ়ৈ বছৰীয়া লিভ-ইন সঙ্গীক হত্যা কৰাৰ ১৫ দিনৰ ভিতৰত তেওঁৰ নতুন প্ৰেমিকাক ফ্লেটলৈ লৈ আহিছিল।

তেতিয়াও সেই ফ্লেটটোত শ্ৰদ্ধাৰ কটা মূৰ আৰু শৰীৰৰ আন অংশবোৰ টুকুৰা টুকুৰা কৰি ফ্ৰিজাৰত ৰখা হৈছিল। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে যেতিয়াই আফতাবে তেওঁৰ নতুন সঙ্গীক দিল্লীৰ ফ্লেটলৈ আনিছিল শ্ৰদ্ধাৰ খণ্ড বিখণ্ড শৰীৰটো ফ্ৰীজাৰৰ পৰা উলিয়াই লুকুৱাই ৰাখিছিল। আফতাবে কেৱল শ্ৰদ্ধাৰ শৰীৰটো সংৰক্ষণ কৰিবলৈ ৩০০ লিটাৰৰ ফ্ৰিজটো কিনিছিল।

আফতাবে তেওঁৰ প্ৰেমিকাক ফ্লেটলৈ অহাৰ আগতে শ্ৰদ্ধাৰ বিকৃত শৰীৰটো ফ্ৰীজাৰৰ পৰা আঁতৰাই পেলাইছিল। প্ৰেমিকা যোৱাৰ পিছত শৰীৰটো পুনৰ ফ্ৰীজাৰত ৰখা হৈছিল।আফতাবে বিভিন্ন ধৰণৰ ধূপ আৰু সুগন্ধি ব্যৱহাৰ কৰিছিল যাতে মৃতদেহটোৰ পৰা দুৰ্গন্ধ নোলায়।শ্ৰদ্ধা আৰু আফতাবে এটা ডেটিং চাইটৰ জৰিয়তে চিনাকী হৈছিল । পিছত সেই চিনাকীয়েই প্ৰেমত পৰিণত হৈছিল। শ্ৰদ্ধাই তেওঁৰ প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ ঘৰ এৰি গুচি গৈছিল। শ্ৰদ্ধাৰ পিতৃ-মাতৃয়ে আৰম্ভণিৰে পৰা ভিন্ন ধৰ্মৰ আফতাবৰ সৈতে কন্যাই সম্পৰ্ক ৰক্ষা কৰাটো বিচৰা নাছিল।

অৱশ্যে শ্ৰদ্ধাই প্ৰেমত মাক-দেউতাকৰ আপত্তি উপেক্ষা কৰি ঘৰ এৰি গৈছিল। শ্ৰদ্ধাৰ দেউতাকে ১০ নৱেম্বৰত মুম্বাই আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল। অভিযোগটো লগে লগে দিল্লী আৰক্ষীক জনোৱা হৈছিল। ইয়াৰ পিছত আফতাবক গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত আফতাবে হত্যাৰ কথা স্বীকাৰ কৰিছিল। শ্ৰদ্ধাই বিয়াৰ বাবে জোৰ দি আছিল। আফতাবে দাবী কৰিছিল যে বিয়াৰ বাবে হেঁচা দি থকা বাবেই তেওঁ শ্ৰদ্ধাক হত্যা কৰিছিল।

তদন্তৰ সময়ত আৰক্ষীয়ে এইটোও জানিব পাৰিছিল যে শ্ৰদ্ধাৰ হত্যাৰ পিছত তেওঁৰ শৰীৰটো ৩৫ টুকুৰাকৈ কটা হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে এক হুলস্থূলৰ সৃষ্টি হয়। মহাৰাষ্ট্ৰৰ পালঘৰৰ বাসিন্দা শ্ৰদ্ধাৰ দেউতাক বিকাশে মঙলবাৰে হত্যাৰ আঁৰত ‘লাভ জিহাদ’ৰ সন্দেহ কৰিছিল। তেওঁ কৈছিল, “মই সন্দেহ কৰোঁ যে এয়া লাভ জিহাদ হ’ব পাৰে। ”

আফতাব আমিন পুনাৱালাই তেওঁৰ আঢ়ৈ বছৰীয়া লিভ-ইন সঙ্গীক হত্যা কৰাৰ ১৫ দিনৰ ভিতৰত তেওঁৰ নতুন প্ৰেমিকাক ফ্লেটলৈ লৈ আহিছিল। তেতিয়াও সেই ফ্লেটটোত শ্ৰদ্ধাৰ কটা মূৰ আৰু শৰীৰৰ আন অংশবোৰ টুকুৰা টুকুৰা কৰি ফ্ৰিজাৰত ৰখা হৈছিল। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে যেতিয়াই আফতাবে তেওঁৰ নতুন সঙ্গীক দিল্লীৰ ফ্লেটলৈ আনিছিল শ্ৰদ্ধাৰ খণ্ড বিখণ্ড শৰীৰটো ফ্ৰীজাৰৰ পৰা উলিয়াই লুকুৱাই ৰাখিছিল।

আফতাবে কেৱল শ্ৰদ্ধাৰ শৰীৰটো সংৰক্ষণ কৰিবলৈ ৩০০ লিটাৰৰ ফ্ৰিজটো কিনিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, আফতাবে তেওঁৰ প্ৰেমিকাক ফ্লেটলৈ অহাৰ আগতে শ্ৰদ্ধাৰ বিকৃত শৰীৰটো ফ্ৰীজাৰৰ পৰা আঁতৰাই পেলাইছিল। প্ৰেমিকা যোৱাৰ পিছত শৰীৰটো পুনৰ ফ্ৰীজাৰত ৰখা হৈছিল।আফতাবে বিভিন্ন ধৰণৰ ধূপ আৰু সুগন্ধি ব্যৱহাৰ কৰিছিল যাতে মৃতদেহটোৰ পৰা দুৰ্গন্ধ নোলায়।শ্ৰদ্ধা আৰু আফতাবে এটা ডেটিং চাইটৰ জৰিয়তে চিনাকী হৈছিল । পিছত সেই চিনাকীয়েই প্ৰেমত পৰিণত হৈছিল। শ্ৰদ্ধাই তেওঁৰ প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ ঘৰ এৰি গুচি গৈছিল।