NORTHEAST NOW (Assamese)
অসম

সোৱণশিৰি চাপৰিত অচিন ৰোগত পৰি শ শ পশুধনৰ মৃত্যু

Posted by: ফাৰহানা আহমেদ October 9, 2018 5:10 pm
NL-1

বিগত ৬ মাহত লখিমপুৰ জিলাৰ সোৱণশিৰি চাপৰিত শ শ গৰু ছাগলীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। স্থানীয় পশু-পালকসকল এই অচিন বেমাৰবিধৰ বিষয়ে জ্ঞাত নহয়। উল্লেখ্য যে সোৱণশিৰিৰ চাপৰিসমূহত থকা খুটিসমূহত হাজাৰ হাজাৰ ম’হ, গৰু আৰু ছাগলী পোহা হয়।

কিন্তু বিগত ৬ মাহ ধৰি অচিন ৰোগ পৰি পশুধনৰ মৃত্যু হোৱাত নৈ-পৰীয়া পশুপালকসকল যথেষ্ট লোকচানৰ মুখামুখি হৈছে।

পশুপালকসকলে জনাইছে যে বাৰিষা পানী জাগ দিয়াৰ পাছত সেই ঠাইত পশু চৰোৱাৰ পাছত গৰু-ম’হ ছাগলীৰ এই অচিন ৰোগ হয় আৰু সেইবোৰৰ মৃত্যু হয়। বিগত ৩ বছৰ ধৰি এই ঘটনা ঘটি আহিছে আৰু এই বছৰ ইয়াৰ প্ৰাদুৰ্ভাৱ অধিক হৈছে বুলি পশুপালকসকলে জনাইছে।

এইবাৰ অধিক ক্ষতিগ্ৰস্ত হোৱা চাপৰিটো হৈছে সোৱণশিৰি চাপৰি। ইয়াত বিগত কেইটামান দিনতেই শ শ গৰু-ছাগলীৰ মৃত্যু ঘটিছে। এগৰাকী স্থানীয় পশুপালকে কোৱা মতে সংক্ৰমিত হোৱা ছাগলীৰ মুখত আগতে দেখা নোপোৱা ঘাঁ দেখা পোৱা গৈছে।

সোৱণশিৰি চাপৰিৰ ক্ষতিগ্ৰস্ত পশুপালকসকলে সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোৰ .ওপৰত অনুসন্ধান কৰি এই অচিনাক্ত ৰোগটো আৰু নদীটোৰ পানীৰ গুণ পৰীক্ষা কৰি নৈপৰীয়া পশুপালকসকলৰ পশুবোৰক ৰক্ষা কৰাৰ বাবে অনুৰোধ জনাইছে।