NORTHEAST NOW (Assamese)

সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন, জাননী জাৰি আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ

March 6, 2020 10:30 pm · এন ই নাও নিউজ
Updated: March 6, 2020 10:41 pm

অসমৰ লগতে দেশৰ বহুকেইখন ৰাজ্যৰ বিধান সভা আৰু লোক সভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে শুকুৰবাৰে আয়োগ গঠন কৰা হৈছে।

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰঞ্জনা প্ৰকাশ দেশাইক সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে।

ন্যায়াধীশ দেশাইৰ কাৰ্য্যকাল হ’ব এবছৰীয়া।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি সুশীল চন্দ্ৰক আয়োগৰ সদস্যৰূপে নিযুক্তি দিয়া হৈছে।

তাৰোপৰি সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলো আয়োগত সদস্য হিচাপে থাকিব।

আয়োগে অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু জম্মু আৰু কাশ্মীৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব।

সমষ্টি পুনৰ নিৰ্ধাৰণ আইন, ২০০২ৰ অধীনত এই কাম সম্পন্ন হ’ব।

Related News