NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত নিৰ্মাণৰ দুমাহ নৌহওঁতেই বখলা-বখলে এৰাইছে পথ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ April 4, 2022 3:48 pm

শিৱসাগৰত পথ নিৰ্মাণত দুৰ্নীতি। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দুমাহৰ পিছতেই বখলা- বখলে এৰাইছে পথ। ঠিকাদাৰৰ বিৰুদ্ধে অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

শিৱসাগৰৰ বানমুখ দিলিহি দলঙৰ পৰা বানমুখ চুতীয়া আলি হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথছোৱাৰ শেহতীয়া অৱস্থাই সকলোকে চিন্তিত কৰি তুলিছে। যোৱা ১০ ফেব্ৰুৱাৰীত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ।

পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ২ মাহৰ পিছতে পথটোৰ কেইবাটাও স্থানত বখলা- বখলে এৰাই যোৱাৰ লগতে বিপজ্জনক ভাৱে বহি যোৱাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ।

৩.১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ বাবদ খৰচ কৰা হৈছিল ১ কোটি ১৬ লাখ টকা।
ৰাইজৰ অভিযোগ, ঠিকাদাৰে বিভাগীয় বিষয়াই মিলি অতি নিম্ন মানৰ আৰু বিসংগতিপূৰ্ণ ভাৱে কাম কৰি আবন্টিত ধনৰ সিংহ ভাগ আত্মসাৎ কৰিলে।

যযাৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দুমাহৰ পিছতে এইদৰে বিধ্বস্ত হৈ পৰে পথটো।

পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ধেমাজীৰ ৰাহুল দিহিঙ্গীয়া নামৰ ঠিকাদাৰ জনে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ১৭ আগষ্টত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল এই পথটোৰ।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এই পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব।