NORTHEAST NOW (Assamese)
অসম

লিংকনৰ নিম্নমানৰ কামৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ সাহস নাই এন এইচ আই ডি এচ এলৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 18, 2021 3:26 pm
bonn

যোৰহাট বাইপাছৰ পৰা টীয়কৰ জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ দায়িত্ব লাভ কৰা জি ডি চি এল নামৰ নিৰ্মাণ সংস্থাটোৰ পৰা উপ ঠিকা লাভ কৰা লিংকন এণ্ড ডিগনিটি,ছান মায়া কনষ্ট্ৰাকছন নামৰ নিৰ্মাণ সংস্থা দুটাই কৰা নিম্নমানৰ কামৰ বাবে পথটো নিৰ্মাণৰ ছটা মাহ নৌহঁওতেই সমগ্ৰ পথচোৱা বিধ্বস্ত হৈ পৰিছে ।

অভিযোগ অনুসৰি পথটোত নিম্নমানৰ মাটি ব্যৱহাৰ কৰাৰ উপৰি,বোকা ,মেটেকাৰ ওপৰতে মাটি পেলাই পথ সম্প্ৰসাৰণ কৰাৰ উপৰি ডি এচ বি ,ডব্লিউ এম বি আৰু বি চিৰ প্ৰলেপ নিদিষ্ট পৰিমাণে দিব লাগে যদিও এনে নকৰাৰ বাবে পথটোৰ বিভিন্ন স্থানত দ’ গাঁতৰ সৃষ্টি হৈছে ।

পথ নিৰ্মাণৰ এই নিম্নমানৰ কামৰ বিৰুদ্ধে অঞ্চলটোৰ বিভিন্ন দল সংগঠন,সচেতন ৰাইজে পথ নিৰ্মাণৰ তদাৰকী সংস্থা এন এইচ আই ডি চি এলৰ বিষয়া সকলক বহুবাৰ অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

নিৰ্মাণ সংস্থাটোৰে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী প্ৰভাৱশালী ব্যক্তিৰ যোগসূত্ৰ থকাৰ বাবে এন আই ডি চি এলৰ বিষয়াসকলে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস গোটাব পৰা নাই বুলি অভিযোগ উঠিছে ।

যাৰ বাবে নিম্নমানৰ কামৰ পৰ্যবেক্ষণৰ বাবে অহা এন এইচ আই ডি চি এলৰ কাৰ্যবাহী সঞ্চালক গৰাকী আদবাটৰ পৰাই উভতি যোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

সেয়ে উক্ত সমগ্ৰ কামছোৱাত বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্ণ হস্তক্ষেপ আশা কৰিছে ভুক্তভোগী ৰাইজে।