NORTHEAST NOW (Assamese)
অসম

শিলত অংকন কৰে ছবি, অসম বুকছ অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত তামুলপুৰৰ যুৱকৰ নাম

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক July 18, 2021 2:50 pm
re1

অসম বুক: অফ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ ল তামুলপুৰ এগৰাকী যুৱকৰ নাম৷ নিজৰ শিল্প কৰ্মৰ জড়িয়তে গৌৰৱ আজুৰি আনিলে যুৱকজনে৷

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কলবাৰীৰ এইগৰাকী যুৱকৰ নাম কৃষু ৰামচিয়াৰী ৷

তামুলপুৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কৃষু ৰামচিয়াৰীয়ে লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল, যন্তৰ মন্তৰ, লটাচ টেম্প’ল, কুটুবমিনাৰ শিলত অংকন কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ৷

এই গৰাকী ছাত্ৰই সৰুৰে পৰা অনুৰাগী আছিল চিত্ৰশিল্পৰ প্ৰতি৷

bonn

ছবি আকি ভালপোৱা কৃষু ৰামচিয়াৰীয়ে লালকিল্লা, ইণ্ডিয়া গেট, তাজমহল, যন্তৰ মন্তৰ, ল’টাচ টেম্প’ল, কুটুবমিনাৰ ১৫ মিনিটৰ পৰা ৩০ মিনিটৰ ভিতৰত শিলত অংকন কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হয়।

পিচত তেওঁৰ এই শিল্পকৰ্মৰ তথ্য অসম বুকছ অফ ৰেকৰ্ডলৈ প্ৰেৰণ কৰাত তেওঁৰ শিল্প কলাক স্বীকৃতি প্ৰদান কৰা হয়।
নিজৰ নাম এনেদৰে অসম বুকছ অফ ৰেকৰ্ডত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা কৃষুৱে ভৱিষ্যতে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ৷

কৃষু ৰামচিয়াৰীয়ে শিলত এই সমূহ চিত্ৰ অংকন কৰাৰ লগতে চাহপাত আৰু গছৰ পাতেৰেও চিত্ৰ অংকন কৰি ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে শিলত কৃষুৱে জাতিৰ পিতা মহাত্মা গান্ধী, জৱহৰলাল নেহৰু, অসম মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰও অংকন কৰিছে।