NORTHEAST NOW (Assamese)
অসম

৬ ডিচেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘তাৰিখ’

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 24, 2024 4:40 pm

বহু প্রত্যাশিত অসমীয়া চিনেমা “তাৰিখ”ৰ মুক্তিৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই বছৰৰে ৬ ডিচেম্বৰত অসমৰ সমূহ চিত্রগৃহত মুক্তি লভিব নতুন অসমীয়া ছবি তাৰিখে। ২০১৮ চনত মুক্তি লাভ কৰা ‘কেলেণ্ডাৰ’ চিনেমাখনৰ পিছতে দ্বিতীয় নিবেদন হিচাপে এনাজৰী টকীজৰ বেনাৰত নিৰ্মিত হৈছে তাৰিখ। সুদীর্ঘ ছবছৰৰ পিছত এনাজৰী টকীজে নিবেদন কৰা “তাৰিখ”ৰ পৰিচালনা হিমজ্যোতি তালুকদাৰৰ। মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছে জ্যেষ্ঠ শিল্পী অৰুণ নাথ আৰু বলোৰাম দাসে।

বৰ্তমানৰ পৰা বিচ্ছিন্ন ৭০ বর্ষীয় দুর্লভ দত্তই জীৱনৰ বিয়লিবেলাত সাৰথি কৰি লয় নিসংগতাক। ২০০৮ চনত ঘটা এক অপ্রত্যাশিত ঘটনাই স্তব্ধ কৰি দিছিল দুর্লভ দত্তৰ সময়ৰ গতি। পৃথিৱীখন আগবাঢ়ি যোৱাৰ সময়তে স্থবিৰ হৈ পৰিছিল তেখেতৰ জীৱনৰ গতি। তেনে এক সময়তে এগৰাকী সৎ তথা উদাৰ সাংবাদিকে দুর্লভ দত্তক মানসিক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্রহণ কৰে। মুলত এগৰাকী বর্ষীয়ান ব্যক্তিৰ নিসংগতা, যন্ত্ৰণাৰ পৰা পোৱা পৰিত্ৰাণক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে “তাৰিখ”। উল্লেখযোগ্য যে এনাজৰী টকীজৰ বেনাৰত নির্মিত ২০১৮ চনত মুক্তি লাভ কৰা অৰুণ নাথ আৰু মলয়া গোস্বামী অভিনীত “কেলেণ্ডাৰ” ছবিখনে অসমকে ধৰি অসমৰ বাহিৰৰ চিত্ৰগৃহসমূহত বহুল জনপ্রিয়তা লাভ কৰিছিল।

অৰুণ নাথ, বলোৰাম দাসৰ লগতে তাৰিখত অভিনয় কৰিছে স্বাগতা ভৰালী, কুল কুলদীপ, ডা: জয়ন্ত দাস, সঞ্জীর শর্মাকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে। ছবিখনৰ প্রযোজনা অৰুন্ধতী শর্মা বৰুৱা আৰু ড° মুক্তিস্মান হাজৰিকাৰ। চিত্রগ্রহণ কৰিছে অনিৰুদ্ধ বৰুৱাই। হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা, আৰু অধিৰাজ কাশ্যপৰ চিত্ৰনাট্যৰে প্ৰস্তুত কৰা তাৰিখৰ সংগীত

আৰু শব্দ ৰূপাংকণ কৰিছে ক্রমে তৰালি শৰ্মা আৰু দেৱজিত গায়নে। কার্যবাহী প্রযোজক হিচাপে আছে জ্যোতি প্রকাশ নাথ। তাৰিখৰ সম্পাদনাত আছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য আৰু কালাৰিষ্ট হিচাপে আছে হাওদাত বাগলাৰী। আনহাতে ছবিখনৰ সাজ-সজ্জা তথা ৰূপ-সজ্জাত আছে ক্রমে বাণী দত্ত বৰুৱা আৰু আকাশ গগৈ।