NORTHEAST NOW (Assamese)

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

August 12, 2025 6:49 pm · এন ই নাও নিউজ, গুৱাহাটী

মাৰ্চ, ২০২১। এক মৰ্মান্তিক পথ দুৰ্ঘটনাত এজন ডেলিভাৰী বয়ে প্ৰাণ হেৰুৱায়। পত্নী, কন্যা আৰু পিতৃক এৰি থৈ গৈছে। পত্নীয়ে ক্ষতিপূৰণৰ বাবে গোচৰ ৰুজু কৰে। অৱশেষত মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি মৃত ডেলিভাৰী বয়ৰ পত্নী, কন্যা আৰু পিতৃয়ে লাভ কৰিছে ২৩ লাখ ৭৫ হাজাৰ টকা।

মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাটোৰ দিনা ডেলিভাৰী বয় হানিফ শ্বাহিদ কুৰেশ্বী নিজৰ কামত ওলাই আছিল। মটৰ চাইকেলেৰে ভীৱণ্ডী অভিমুখে গৈ আছিল। সেই সময়তে এখন তীব্ৰবেগী ট্ৰাকে তেওঁক খুন্দা মাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা হানিফ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নগল। চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

স্বামীৰ মৃত্যুৰ পাছত পত্নীয়ে ক্ষতিপূৰণ বিচাৰি গোচৰ ৰুজু কৰে। ট্ৰাকখনৰ মালিকে পাল্টা গোচৰো দাখিল কৰে। দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ন্যায়াধিকৰণে কয় যে মৃত চালকজনৰ কোনো দোষ নাই। তীব্ৰবেগী বাহনখনে মটৰ চাইকেলখনত খুন্দা মাৰে।

ন্যায়াধিকৰণৰ সদস্য আৰ ভি মোহিতে কয়, “তদন্তৰ পৰা দেখা গৈছে যে মৃত চালকজনৰ কোনো দোষ নাছিল। ট্ৰাক চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা হানিফ শ্বাহিদ কুৰেশ্বীৰ মাহিলী দৰমহা আছিল মাত্ৰ ১২ হাজাৰ টকা। সেই কথা মনত ৰাখি ২৩ লাখ ৭৫ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়া হৈছে।

পত্নী, কন্যা আৰু পিতৃক কিমান টকা দিয়া হব সেয়াও ট্ৰিবিউনেলে সিদ্ধান্ত লৈছে। ১১ লাখ, ৭৫ হাজাৰ ৪০০ টকা মৃতকৰ পত্নীক দিয়া হৈছে। ৯ লাখ টকা কন্যাক দিয়া হব। বাকী ধন দিবলৈ নিৰ্দেশ দিয়া হৈছে হানিফৰ পিতৃক।

Related News