NORTHEAST NOW (Assamese)
অসম

শনিবাৰে অসম বন্ধ ঘোষণা কলিতা জনগোষ্ঠীয় সংগঠনসমূহৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 7, 2020 8:53 pm
24-hour-AKRSU-bandh-990x742

শনিবাৰে অসম বন্ধৰ ঘোষণা কৰিছে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে।

শনিবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈকে মুঠ ১০ ঘন্টীয়া চকা বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াইছে কলিতা জনগোষ্ঠীৰ কেওটা সংগঠনে।

তেওঁলোকে আহ্বান জনোৱা এই বন্ধৰ মূল দাবীসমূহ ক্ৰমে ‘কলিতা জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ কৰা, প্ৰাগজ্যোতিষপুৰ নামৰে কলিতা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, কলিতা উন্নয়ন পৰিষদ গঠন কৰা, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা, কলিতা জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত ৩০ শতাংশ আসন সংৰক্ষণ কৰা।‘

এই আহ্বানৰ পাছতো যদি তেওঁলোকৰ দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যতৰ দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই।

অৱশ্যে, এই বন্ধৰ সময়ত জৰুৰীকালীন সেৱাৰ চলাচল অব্যাহত থাকিব বুলি তেওঁলোকে জনায়।