NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ট্ৰাক চালক আৰু মালিক সন্থাৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত অনিৰ্দিষ্টকালীন ধৰ্মঘট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2019 12:47 pm
representing image

মিজোৰামৰ ট্ৰাক চালক আৰু মালিক সকলে ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ প্ৰতিবাদত বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰিছে।

৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথে(পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ ৫৪) মিজোৰামৰ কোনপুইৰ সৈতে অসমৰ শিলচৰক সংযোগ কৰিছে।

বৃহস্পতিবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ সময়ত মিজোৰাম ট্ৰাক মালিক সন্থা (এম টি অ’ এ) আৰু মিজোৰাম ট্ৰাক চালক সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ভগ্ন প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰসংগ উল্লেখ কৰি ইয়াৰ পৰিণতিত ভালেমান পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ ব্যক্ত কৰে।

ৰাষ্ট্ৰীয় ঘাইপথটোৰ মিজোৰামৰ অন্তৰ্গত কোনপুই আৰু বুইচালিৰ মাজৰ অংশ অতিশয় অতিশয় শোচনীয় ৰূপ লৈছে বুলি প্ৰতিবাদকাৰী সকলে উল্লেখ কৰে।

আনহাতে, প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথৰ বেয়া অৱস্থাৰ বাবে ট্ৰাক সমূহ অতি কম সময়ৰ ভিতৰতে বেয়া হৈ যায় আৰু ট্ৰাক দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহু ট্ৰাক চালকে প্ৰাণ হেৰুৱাব লগা হৈছে বুলিও কয়।

তেওঁলোকে অতিশীঘ্ৰে কদৰ্য্যময় ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিৰ দাবী জনাই আৰু পথ মেৰামতি নকৰা পৰ্য্যন্ত ধৰ্মঘট অব্যাহত থাকিব বুলি উল্লেখ কৰে।