NORTHEAST NOW (Assamese)
অসম

বৰপেটা ৰোডত আৰক্ষীৰ অভিযানত ম’হ ভৰ্তি ট্ৰাক জব্দ; আটক ট্ৰাক চালক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2019 11:32 am
buffalo

শুকুৰবাৰে নিশা বৰপেটা ৰোডৰ শিমলাগুৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীয়ে অভিযান চলাই চোৰাং ম’হ কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে অভিযানৰ সময়ত ট্ৰাকখনৰ সৈতে ১২ টা ম’হ উদ্ধাৰ কৰাৰ লগতে ট্ৰাক চালক নাচেৰ আলীকো আটক কৰে।

চোৰাং পশু সৰবৰাহকাৰী কেইগৰাকীয়ে এএছ-০১ জিচি-৮৫২৬ নম্বৰৰ ট্ৰাকখনেৰে ম’হ কেইটা চিৰাঙৰ বিজনীৰ পৰা গুৱাহাটী অভিমুখে লৈ গৈ আছিল।

আটকাধীন ট্ৰাক চালক নাচেৰ আলীৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীত বুলি জানিব পৰা গৈছে।

নাচেৰ আলীৰ সহযোগী জয়না আবেদিন, চাহিদুল ইছলাম আৰু জাকৰিয়া আলী নামৰ আন তিনিটা পশু সৰবৰাহকাৰী এতিয়াও পলাতক অৱস্থাত আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

পলাতক পশু সৰবৰাহকাৰী কেইজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

দীৰ্ঘদিনৰ ধৰি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বাংলাদেশলৈ চোৰাং ভাৱে গৰু-ম’হৰ সৰবৰাহ কৰি অহা হৈছে বুলি স্থানীয় নাগৰিকৰ ভাষ্যত প্ৰকাশ পাইছে।