NORTHEAST NOW (Assamese)

ভাতৃৰ বিয়াত উপস্থিত হোৱাৰ বাবে নাপালে ছুটি; ক্ষোভত আত্মহত্যা যুৱকৰ

February 16, 2022 4:22 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 16, 2022 4:26 pm

নিজ ভাতৃৰ বিবাহত উপস্থিত হোৱাৰ বাবে ছুটি মঞ্জুৰ নোহোৱাৰ ক্ষোভত আত্মহত্যা কৰিছে এজন ২৭ বৰ্ষীয় ট্ৰেকমেনে। ১৪ ফেব্ৰুৱাৰীত এখন চলন্ত মালবাহী ৰে’লৰ সন্মুখত পৰি আত্মহত্যা কৰিছে যুৱকজনে।

উত্তৰ প্ৰদেশ ৰাজ্যত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।

আত্মহত্যাৰ কিছু সময় পূৰ্বে যুৱকজনে এজন সহকৰ্মীৰ সন্মুখত নিজৰ ক্ষোভ প্ৰকাশ কৰা এটা দুই মিনিটৰ ভিডিঅ’ ভাইৰেল হৈছে। সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ দেশতে এই ঘটনা চৰ্চিত হৈ পৰে।

নিহত যুৱকজনক উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ ভাটপুৰভা গাঁৱৰ বাসিন্দা ৰমেশ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ অহা ১৯ ফেব্ৰুৱাৰীত ভাতৃৰ বিয়াত উপস্থিত হ’বৰ বাবে ছুটিৰ আবেদন কৰিছিল।

ভাইৰেল হৈ পৰা ভিডিঅ’টোত ৰমেশৰ কণ্ঠস্বৰ স্পষ্ট ৰূপত শুনিবলৈ পোৱা গৈছে। তেওঁ কয়, “মোক মোৰ ভাতৃৰ বিয়াত উপস্থিত হ’বৰ বাবে ছুটিৰ পৰা বঞ্চিত কৰা হৈছে।”

ইফালে প্ৰয়াগৰাজ ডিভিজনৰ ডিভিজনেল ৰে’লৱে মেনেজাৰ মোহিত চন্দ্ৰই বিষয়টোৰ তদন্ত কৰিবলৈ এখন বহুমুখী চাৰি জনীয়া সমিতি গঠন কৰিছে।

এই সমিতয়ে ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

Related News