NORTHEAST NOW (Assamese)
অসম

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2021 9:45 am
WhatsApp Image 2021-01-26 at 9.33.43 AM

পত্নীয়ে যৌন সম্পৰ্কৰ বাবে ৰাজী নোহাৱাৰ বাবে গুজৰাটৰ চুৰাটৰ এগৰাকী ৬৩বছৰীয়া বৃদ্ধই পুনৰ বিয়া পাতিবলৈ আগবাঢ়িছে। শুনিবলৈ আচৰিত যেন লাগিলেও সঁচা এই ঘটনা।

কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল ব্যক্তিগৰাকীৰ এইটো দ্বিতীয় বিবাহ নহয়, সপ্তমবাৰৰ বাবে বিয়া পাতিবলৈ আগবাঢিছে এইগৰাকী পৰকিতি লৰা বৃদ্ধই।

আয়ুব ডেগিয়া নামৰ কৃষকগৰাকী চুৰাটৰ এখন গাঁওত বাস কৰে। যোৱা বছৰৰ ছেপ্টেম্বৰত তেওঁ ষষ্ঠ বিবাহ কৰে। নিজতকৈ ২১ বছৰে সৰু এজনী যুৱতীক বিয়া পাতে ডেগিয়াই। কিন্তু ডিচেম্বৰ মাহতেই দুয়ো পৃথক হৈ পৰে।

ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে যে পত্নীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক কৰিবলৈ ৰাজী নোহোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ ডায়েবেটিছ, হাৰ্টৰ অসুখৰ লগতে কিছু শাৰীৰিক সমস্যা আছে। তেওঁৰ পত্নীয়ে সংক্ৰমণৰ দোহাই দি যৌন সম্পৰ্ক স্থাপনত ৰাজী নহয়। সেয়েহে, তেওঁ পত্নীক এৰি দিয়াৰ সিদ্ধান্ত লৈছে।

ব্যক্তিগৰাকীৰ প্ৰথমা পত্নী এতিয়াও জীৱিত আৰু তেওঁ সেইখন গাঁওতে বাস কৰে। তেওঁলোকৰ পাঁচটি সন্তানো আছে যাৰ বয়স ২০ৰ পৰা ৩৫বছৰৰ ভিতৰত। ষষ্ঠ পত্নীক এৰি দিয়াৰ পাছত তেওঁ হেনো প্ৰথমা পত্নীৰ ওচৰলৈ নগৈ আন এগৰাকী কমবয়সীয়া পত্নীৰ সৈতে আছে।

বাতৰি অনুসৰি, স্বামীৰ এনে স্বভাৱৰ কথা জনা নাছিল ডেগিয়াৰ ষষ্ঠ পত্নীয়ে। একো নজনাকৈয়ে বিয়াত বহিছিল। পাছত সকলো জানিব পাৰি তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

মহিলাগৰাকীৰ অধিবক্তাই জানিবলৈ দিয়া মতে বিধৱা মহিলাগৰাকীৰ অৱস্থাৰ সুযোগ লৈছিল আয়ুবে। মহিলাগৰাকীৰ সহায়-সাহায্য কৰা, কাষত থকাৰ কথা কৈ বিয়া পাতি লৈছিল। কিন্তু কেইদিনমানপাছতে তেওঁৰ প্ৰকৃত স্বৰূপ জানিব পাৰে মহিলাগৰাকীয়ে।