NORTHEAST NOW (Assamese)
অসম

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2021 8:29 am
760672-traffic-08-dna-750x375

আঠ বছৰ পুৰণি গাডীৰ ওপৰত এইবাৰ চৰকাৰে গ্ৰীণ টেক্স বা সেউজ কৰ আৰোপ কৰিব। ফিটনেছ চাৰ্টিফিকেট দিয়াৰ সময়ত চৰকাৰে এই ধন আদায় কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই প্ৰস্তাৱত সেউজ সংকেত দিয়া হৈছে। প্ৰস্তাৱটো এতিয়া দিহা-পৰামৰ্শৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পঠোৱা হ’ব।

ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে সিদ্ধআন্ত গ্ৰহণ কৰা হ’ব। এইক্ষেত্ৰত আদায় কৰা ৰাজহ প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হ’ব বুলি মন্ত্যালয়ে জানিবলৈ দিছে।

মন্ত্ৰ্যালয়ৰ প্ৰস্তাৱ অনুসৰি আঠ বছৰৰ পুৰণি গাড়ীসমূহে অতিৰিক্ত কৰ দিব লাগিব। ৰোড টেক্সৰ ১০-১৫ শতাংশ হাৰত এই গ্ৰাণ টেক্স দিব লাগিব।

সেইদৰে ১৫ বছৰ পাছত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লোৱাৰ সময়তো গ্ৰীণ টেক্স আদায় দিব লাগিব। বাছ আদি ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত এই কৰৰ হাৰ কিছু কম হ’ব। তদুপৰি, যিবোৰ চহৰত প্ৰদূষণৰ মাত্ৰা অধিক তাত ৰোড টেক্লৰ ৫০শতাংশ গ্ৰীণ টেক্স আদায়ৰ প্ৰস্তাৱ লোৱা হৈছে।

আনহাতে, কি ইন্ধন আৰু কি গাড়ী ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব। ইলেকট্ৰনিক কাৰ, হাইব্ৰীড তথা বিকল্প ইন্ধন ব্যৱহাৰ কৰিলে এইক্ষেত্ৰত ৰেহাই পোৱা যাব।

ইপিনে, কৃষিৰ বাবে ব্যৱহাৰ হোৱা ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ইত্যাদিক এই আইনৰ বাহিৰত ৰখা হৈছে।

যিসকলে পুৰণি গাড়ী পৰিৱেশ বান্ধৱ আৰু বৈজ্ঞানিক ধৰণে স্ক্ৰ্যাপলৈ পঠিয়াই দিয়ে তেওঁলোকক নতুন গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন মাছুল আৰু ৰোড টেক্সত ৰেহাই দিয়াৰ প্ৰস্তাৱ কৰা হৈছে।