NORTHEAST NOW (Assamese)
Popular Stories

৪৩ বছৰৰ কাৰাদণ্ডৰ পিছত দোষমুক্ত, কিন্তু আমেৰিকাত পুনৰ গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ লোক!

November 4, 2025 1:53 pm

নিৰ্দোষী হোৱাৰ পাছতো এজন ভাৰতীয় মূলৰ লোকে আমেৰিকাত হত্যাৰ গোচৰত ৪৩ বছৰ কাৰাবাস খাটিছেআদালতে তেওঁক হত্যাকাণ্ডৰ গোচৰৰ পৰা নিৰ্দোষী ঘোষণা কৰাৰ পাছতো, ভাৰতীয় মূলৰ এই আমেৰিকান নাগৰিকজনক মুকলি কৰি দিয়া নহল। বৰঞ্চ, আমেৰিকা প্ৰশাসনে এতিয়া তেওঁক অপৰাধী হিচাপে ভাৰতলৈ প্ৰত্যাৰ্পণ (Deportation) কৰাৰ কথা চিন্তা কৰিছে। অৱশ্যে, প্ৰত্যাৰ্পণৰ এই সিদ্ধান্ত এতিয়াও আমেৰিকাৰ আদালতত বিচাৰাধীন হৈ আছে।

সুব্ৰমণিয়াম বেদম মাত্ৰ ৯ মাহ বয়সতে ভাৰতৰ পৰা আমেৰিকালৈ গৈছিলতেওঁৰ পৰিয়ালৰ লোকে তেওঁক ছুবুবুলি মাতে। ১৯৮২ চনত তেওঁক এজন বন্ধুৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখযোগ্য যে ইয়াৰ আগতেই ছুবুৰ আমেৰিকাৰ নাগৰিকত্বৰ আবেদন গ্ৰহণ কৰা হৈছিল। অৰ্থাৎ, ছুবুৱে আমেৰিকাত আইনীভাৱে বসবাস কৰিছিল। কিন্তু ১৯৮৩ চনত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। অভিযোগ আছিল, ছুবুৱে তেওঁৰ বন্ধু কিনছাৰক হত্যা কৰিছিল। যিহেতু ছুবুকে কিনছাৰৰ সৈতে শেষবাৰৰ বাবে দেখা গৈছিল, সেয়েহে সেই প্ৰমাণৰ ভিত্তিত আদালতে তেওঁক দোষী সাব্যস্ত কৰে।

বৰ্তমান ৬৪ বছৰীয়া ছুবুৱে ৪৩ বছৰ কাৰাগাৰত বন্দী হৈ আছে। কাৰাগাৰত থাকোঁতে তেওঁ তিনিটা ডিগ্ৰী অৰ্জন কৰাৰ লগতে সতীৰ্থ বন্দীসকলকো পঢ়াইছেঅৱশ্যে চলিত বৰ্ষৰ আগষ্ট মাহত ছুবুৰ জীৱনলৈ আশাৰ নতুন সঞ্চাৰ আহে। পেনচিলভেনিয়াৰ এখন আদালতে ছুবুক নিৰ্দোষী ঘোষণা কৰেদীৰ্ঘদিন ধৰি চৰকাৰে লুকুৱাই ৰখা কেইবাটাও প্ৰমাণ ছুবুৰ অধিবক্তাই আদালতত দাখিল কৰাত সেই প্ৰমাণৰ ভিত্তিত ছুবুক নিৰ্দোষী বুলি ধৰা হয় আৰু ৩ অক্টোবৰত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।

কিন্তু প্ৰায় লগে লগে, ছুবুক ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে (ICE) গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ অভিযোগ যে হত্যাৰ লগতে ছুবুক ড্ৰাগছ সম্পৰ্কীয় আন এক গোচৰতো দোষী সাব্যস্ত কৰা হৈছিল। যদিও হত্যাকাণ্ডৰ গোচৰৰ পৰা তেওঁক দোষমুক্ত কৰা হৈছিল, তথাপিও তেওঁৰ বিৰুদ্ধে এতিয়াও ড্ৰাগছৰ গোচৰটো আছে। ইফালে, নাল্ড ট্ৰাম্প প্ৰশাসনেও ছুবুৰ আমেৰিকাৰ নাগৰিকত্বক লৈ সন্দেহ প্ৰকাশ কৰিছে। এই সকলোবোৰ বিষয়ৰ বাবে প্ৰশাসনে ছুবুক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, এতিয়াও আদালতত এই বিষয়ৰ শুনানি অব্যাহত আছে। আপাততঃ প্ৰত্যাৰ্পণ স্থগিত ৰখা হৈছে আৰু ছুবুক নিৰ্বাসন কেন্দ্ৰত (Detention Centre) ৰখা হৈছে।