NORTHEAST NOW (Assamese)
অসম

কালদিয়া নদীৰ ভঙা মথাউৰিৰ মেৰামতিৰ কাম পৰিদৰ্শন বাক্সা জিলা উপায়ুক্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 7:19 pm

ভাৰত-ভূটান সীমান্তৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত বনগাঁৱত কালদিয়া নদীৰ ওপৰত থকা ভঙা মথাউৰি বৃহস্পতিবাৰে পৰিদৰ্শন কৰে বাক্সা জিলা উপায়ুক্তই।

পৰিদৰ্শন কালত জিলা উপায়ুক্তই জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা জিতেন দাসক বানপানীৰ পূৰ্বে মথাউৰি মেৰামতিৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে।

বিগত বৰ্ষৰ বানপানীত ভঙি যোৱা মথাউৰি অংশ মেৰামতি কৰাৰ বাবে ৯০ লাখ টকাৰ বিনিময়ত কাম আৰম্ভ কৰা হৈছিল।

মথাউৰি মেৰামতিৰ কাম চোৱা-চিতা কৰা কাৰ্য্যবাহী অভিযন্তা গৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা ডেৰ মাহৰ ভিতৰত মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব।

জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই মথাউৰিৰ উপৰিও পাগলাদিয়া নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

উপায়ুক্তই বিভাগীয় কাৰ্য্যবাহী অভিযন্তা গৰাকীক ভঙা মথাউৰি নিৰ্মাণৰ লগতে স্থানীয় ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে।