NORTHEAST NOW (Assamese)
Popular Stories

অসমত হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে আম আদমী পাৰ্টি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 5, 2023 10:33 am

‘তিনি গগৈ’ ৰাজনীতিৰ বিতৰ্ক চলি থকাৰ মাজতে আম আদমী পাৰ্টিৰ নেতা কমল কুমাৰ মেধিয়ে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীনজ্যোতি গগৈৰ ৰাজনীতিক সমালোচনা কৰিবলৈ গৈ আহোম জাতিৰ গগৈ উপাধি সম্পৰ্কে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ অভিযোগত মঙলবাৰে নিশা আম আদমী পাৰ্টি, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক বিবৃত্তিযোগে কমল কুমাৰ মেধিক তাৎক্ষণিকভাবে আম আদমী পাৰ্টিৰ পৰা নিলম্বন কৰাৰ কথা ঘোষণা কৰে। 

এই ঘোষণাৰ পিছতেই সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত তীব্ৰ আলোড়নৰ সৃষ্টি হয়। নিশা বিবৃত্তিটো প্ৰকাশ পোৱাৰ ক্ষন্তেক পিছতেই আম আদমীৰ প্ৰতি বিস্ফোৰণক অভিযোগ উত্থাপন কৰে নিলম্বিত নেতা কমল কুমাৰ মেধিয়ে।

এটা ফেছবুক পোষ্টৰ জৰিয়তে এই নিলম্বন সন্দৰ্ভত আম আদমী পাৰ্টিক কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে। 

উক্ত পোষ্টটো তেওঁ লিখে – “ধন্যবাদ আম আদমি পাৰ্টী, অসম ৷

গগৈ মানে অসমীয়া জাতি বুলি বুজিলে যেতিয়া কেৱল গগৈক লৈ পাৰ্টীটো আগবঢ়াওক !

অসমৰ বাকী জাতি-জনগোষ্ঠীয়ে আপোনালোকক আদৰিবলৈ ৰৈ আছে ৷ চৰকাৰ হ’বই খাটাং !

ভবেন চৌধুৰী ডাঙৰীয়া, মোক কোনো ধৰনৰ শ্ব’কজো নিদিলে দেখোন ৷ এবাৰো মোৰ লগত কথাও নাপাতিলে ৷ কোনো অনুশাসন কমিটিও নবহিলে ৷ আনকি নিলম্বনৰ জাননীখনো মোলৈ নপঠিয়ালে ৷ মই বেলেগৰ ফেচবুক ৱালতহে পালোঁ ৷’’

কেৱল এয়াই নহয়, উক্ত পোষ্টটোৰ শেষৰ ফালে তেওঁ উল্লেখ কৰে যে তেখেতক ‘সৰ্বশক্তিমান জনাৰ নিৰ্দেশ’ত হে আম আদমী পাৰ্টীৰ পৰা নিলম্বন কৰা হৈছে। তেওঁ লিখিছে – “এয়া অসমৰ সৰ্বশক্তিমান জনাৰ নিৰ্দেশতে যে হৈছে সেয়া মইতো ভালদৰে বুজি পাওঁ ৷ পাৰ্টীটো চিধাচিধি মাৰ্ছ কৰি নিদিয়ে কিয়? ভাল পাৰ্টী চলাইছে আপুনি ৷ ”

ইয়াৰ পিছতেই এতিয়া সামাজিক মাধ্যমত বহুতেই প্ৰশ্ন কৰিছে, কমল কুমাৰ মেধিয়ে কোৱা ‘সৰ্বশক্তিমান জন’ কোন? সৰ্বশক্তিমান বুলি কাৰ ফালে আঙুলি টোৱালে কমল কুমাৰ মেধিয়ে? স্বাভাৱিকতেই এতিয়া সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে কমল কুমাৰ মেধিয়ে এই আঙুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালেই টোৱাইছে। 

সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে চলে নেকি আম আদমী পাৰ্টি অসম? বহুতেই কোৱাৰ দৰে বিজেপিৰ বি টীম নেকি আপ? বিৰোধী ঐক্যৰে মিত্ৰতা নকৰাৰ আঁৰতো আছে নেকি বিজেপিক জয়ী কৰোৱাৰ উদ্দেশ্য? এতিয়া সচেতন ৰাইজৰ মনত উদয় হৈছে এই সমূহ প্ৰশ্নৰ।

লগতে পঢ়কঃ দুমাহৰ মূৰত খোল খাব পঢ়াশালিৰ দুৱাৰ , ঘোষণা মণিপুৰৰ মুখমন্ত্ৰী বীৰেন সিঙৰ

লগতে পঢ়কঃ SCERT কেলেংকাৰি : ছয় অভিযুক্তৰ জামিন আবেদন অস্বীকাৰ কৰিলে আদালতে

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত আকৌ ৰাজনৈতিক নাটক