• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মহাৰাষ্ট্ৰত আকৌ ৰাজনৈতিক নাটক

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 6, 2023 11:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশ ভ্ৰমণৰ পৰা ওভতি আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশত এখন বিশাল জনসভাত ভাষণ দিছিল। আচলতে সেইখনক আপোনালোকে নিৰ্বাচনী সভা বুলিয়ে ক’ব পাৰে। আপোনালোকে জানেই আমাৰ প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ ভালপোৱা কামটো হৈছে নিৰ্বাচনী সভাত ভাষণ দিয়া। ৰ’ব, তাৰ আগতে আপোনালোকক মনত পেলাই দিছোঁ, প্ৰধানমন্ত্ৰী মোদীয়ে কিন্তু এতিয়ালৈকে মণিপুৰৰ হিংসা আৰু ভাতৃঘাতী সংঘৰ্ষৰ বিষয়ে একো কোৱা নাই। কি আচৰিত এই নীৰৱতা? মই কিন্তু তবধ মানিছোঁ। বিজেপিৰ সমৰ্থক সকলে বা কেনেকৈ লৈছে কথাটো?

যা হওক, আকৌ আগৰ কথালৈ ঘূৰি গৈছোঁ। অ’, তেওঁ এখন বিশাল জনসভাত ভাষণ দিছিল আৰু তাত বাৰে বাৰে জোৰ দি কোৱা কথাটো কি আছিল জানেনে? তেওঁ কৈছিল যিসকল লোক দুৰ্নীতিত জড়িত তেওঁলোকৰ কোনেও ৰেহাই নেপাব। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। ভাল কথা। কিন্তু, তেওঁ সেই সভাখনত লগতে আৰু এটা কথা ক’ব লাগিছিল।

Apply Now

তেওঁ ক’ব লাগিছিল যে যিসকল বিৰোধী নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে, তেওঁলোকে যদি ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়ে বা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰত যোগ দিয়ে তেতিয়া কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব। বৰং তেওঁলোকৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগ অৱজ্ঞা কৰা হ’ব। সকলোৱে প্ৰধানমন্ত্ৰী মোদীক এজন সাহসী মানুহ বুলি জানে। এই কথাটো কোৱাৰ সাহস তেওঁৰ থাকিব লাগিছিল। কিয়নো তেওঁ মধ্য প্ৰদেশত দিয়া ভাষণৰ কেইদিনমান পিছতে, ২ জুলাইৰ দিনা মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলৰ নেতা অজিত পাৱাৰে তেওঁৰ কেইবাজনো সতীৰ্থৰ সৈতে একনাথ সিন্দে চৰকাৰত যোগদান কৰিছিল।

আপোনালোকৰ হাতত ৩ জুলাইৰ ‘The Indian Express’ কাকতখন যদি আছে তাৰ প্ৰথম পৃষ্ঠাটো চাওকচোন। কাকতখনৰ প্ৰথম পৃষ্ঠাৰ বাওঁফালে, ওপৰত, ছবিৰে সৈতে দেখা পাব, Ajit walks out of Sharad Pawar’s NCP, joins BJP-Sena govt as Deputy CM অৰ্থাৎ, শাৰদ পাৱাৰৰ এন চি পিৰ পৰা ওলাই গৈ অজিত পাৱাৰে বিজেপি-সেনা চৰকাৰত উপ মুখ্যমন্ত্ৰী হিচাপে যোগদান কৰে। সেই একেখন কাকতৰ এই বাতৰিটোৰ সোঁফালে অইন এটা বাতৰি আছে। তাৰ শিৰোনামটো হৈছে- ‘4 of 9 MLAs or their kin faced probes by ED, ACB’। 

খবৰটোৰ প্ৰথম পেৰেগ্ৰাফটোত উল্লেখ আছে, Of the nine NCP leaders sworn in as Cabinet ministers in Maharashtra Sunday, at least four leaders or their family members- Ajit Pawar, Chhagan Bhujbal, Hasan Mushrif, Aditi Tatkre’s father Sunil Tatkare – faced probes either by the Enforcement Directorate or Anti Corruption Bureau (ACB) in cases linked to alleged irregularities and money laundering।

ইয়াৰ অৰ্থ পৰিষ্কাৰ, মহাৰাষ্ট্ৰৰ বিজেপি-সেনা চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে যোগদান কৰা ৯ জন বিধায়কৰ চাৰিজনৰ বিৰুদ্ধে বা তেওঁলোকৰ পৰিয়ালৰ মানুহৰ বিৰুদ্ধে বিভিন্ন অভিযোগত অৰ্থনৈতিক অপৰাধ অনুসন্ধান বিভাগ বা দুৰ্নীতি নিবাৰক বিভাগৰ গোচৰ চলি আছে। বাতৰিটোৰ তলৰ ফালে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰৰ সবিশেষ উল্লেখ কৰা হৈছে।

এতিয়া কি হ’ব? প্ৰধানমন্ত্ৰী বা বিজেপিৰ সমৰ্থক সকলে এই কথা অস্বীকাৰ কৰিব পাৰিবনে? নাই, কেতিয়াও নোৱাৰে। এই বিৰোধী ৰাজনীতিকবোৰ অতি বিত্তবান লোক। তেওঁলোকৰ লগত বিজেপিয়ে ‘গাজৰ আৰু লাঠি’ নীতি অৱলম্বন কৰিছে। তেওঁলোকক বিজেপিয়ে কৈছে- তোমালোকে জেলৰ ভাত খাব বিচাৰা, বা তোমালোকৰ ধন সম্পত্তি, বেংক একাউন্ট সমস্ত বাজেয়াপ্ত কৰা বিচৰা নে মন্ত্ৰী হৈ ৰাজ সুখ উপভোগ কৰিব বিচৰা? আমাৰ লগত থাকিলে, আমাক সমৰ্থন কৰিলে তোমালোকৰ সাত খুন মাফ আৰু উপৰঞ্চিকৈ তোমালোক মন্ত্ৰী হ’ব পাৰিবা। তাৰ অন্যথা কৰিলে তোমালোকৰ সকলো শেষ। তোমালোকে জেলৰ ভাত খাব লাগিব। তোমালোকৰ টকা, পইছা সকলো শেষ হ’ব।

গতিকে আচৰিত হ’বলগীয়া একো নাই যে এওঁলোকে বিজেপি বিৰোধিতাৰ পথ পৰিহাৰ কৰি বিজেপিৰ সমৰ্থক হৈ পৰিল। এয়ে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্নীতি বিৰোধী ৰণহুংকাৰৰ অৰ্থ!

আজি কেইদিনমান আগৰ কথা। পাটনাত বিৰোধী ঐক্যৰ সভাখন হোৱাৰ আগতে, সাংবাদিক পূণ্য প্ৰসুন বাজপায়ী ডাঙৰীয়াই এটা বৰ ভয়ংকৰ কথা কৈছিল। তেওঁ কৈছিল বিজেপিয়ে দেশৰ শ শ বিৰোধী নেতাৰ বিৰুদ্ধে ফাইল প্ৰস্তুত কৰিছে। তেওঁলোকক ভয় দেখুৱা হ’ব- যদি তেওঁলোক বিজেপিৰ ফলীয়া নহয় তেওঁলোকক জেললৈ নিক্ষেপ কৰা হ’ব। গতিকে বিৰোধী ঐক্য হ’লেও মূৰকত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত নামিবলৈ মানুহ ওলাবনে নাই সন্দেহ। তেখেতৰ কথাৰ জাজ্বল্য প্ৰমাণ আমি মহাৰাষ্ট্ৰত দেখা পালোঁ।

প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ এয়া ভণ্ডামি হয়নে নহয়? আৰু এটা কথা, বিজেপিতো বিজেপিয়ে। বিজেপিলে যোৱা বা বিজেপিক সমৰ্থন কৰা এই ভণ্ড ৰাজনীতিকবোৰ সম্পৰ্কে দেশৰ নাগৰিকে, বিশেষকৈ শিক্ষিত লোকসকলে কি দৃষ্টিভংগী ল’ব? বিজেপি আৰু এই ৰাজনীতিকবোৰ উভয় দুমুখীয়া চৰিত্ৰৰ লোক নহয়নে? এওঁলোকৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় নিদিলে, মাত নামাতিলে গণতন্ত্ৰ বাদ দিয়ক আমাৰ দেশখন বাচি থাকিবনে? তাৰ উদাহৰণ মণিপুৰ নহয় জানো?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd