NORTHEAST NOW (Assamese)

দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড

October 27, 2019 8:34 pm · কল্পজ্যোতি শইকীয়া
Updated: October 27, 2019 9:05 pm

দীপাৱলীৰ আনন্দ স্ফুৰ্তিৰ মাজতে মহানগৰীৰ ভেটাপাৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

ভেটাপাৰা চাৰিআলিৰ আতচবাজিৰ বিপনীত সন্ধিয়া প্ৰায় ৬ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। তিলক বৰ্মন নামৰ এজন লোকৰ ব্যৱসায় প্ৰতিষ্ঠানত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ মতে দীপাৱলী উপলক্ষে ফটকা ফুটাই থাকোতে অমনোযোগিতাৰ ফলত ফটকাৰ ফিৰিঙতি বিপনিখনত পৰাৰ ফলত জুইৰ সুত্ৰপাত ঘটে। অৱশ্যে পিছত ৰাইজৰ সহযোগত অগ্নি নিৰ্বাহক বাহিনীৰ দুখন গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও দুখনকৈ বাইকতো জুই লাগে বুলি স্থানীয় লোকে জনায়। স্থানীয় লোকৰ তৎপৰতাত বাইক দুখন সম্পূৰ্ণকৈ জ্বলাৰ পৰা কথমপি ৰক্ষা কৰে।

ইপিনে, একাংশ স্থানীয় লোকে ব্যৱসায়ীজনৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে বৰ্মণক ফটকা বিক্ৰী কৰাৰ বাবে অনুমতি কোনে দিলে?

‘প্ৰশাসনৰ ফালৰ পৰা নিষিদ্ধ কৰা হৈছে যে য’ত ত’ত ফটকা বিক্ৰী কৰিব নোৱাৰিব। প্ৰশাসনক অনুৰোধ জনাইছো অতি শীঘ্ৰে এই অবৈধ ফটকা দোকান বন্ধ কৰিব লাগে।‘ এজন স্থানীয় লোকে কয়।

অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক থকাৰ সা-সামগ্ৰী নষ্ট হয় বুলি জানিব পৰা গৈছে। শোভাগ্যক্ৰমে বিপনিখনৰ ওচৰত থকা বিত্তীয় প্ৰতিষ্ঠানসমূহ ৰক্ষা পৰে।

Related News