NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱৰ লাহৰীঘাটত বিধ্বংসী অগ্নিকাণ্ড; ৭টা ঘৰ ভস্মীভূত

Posted by: জহিৰুল ইছলাম August 16, 2018 10:31 am
Screenshot_2018-08-16-14-18-30

মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চেতুৱাই খাইতি গাঁৱৰ হেফজুৰ ৰহমানৰ গৃহত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। জানিব পৰা মতে কালি নিশা প্ৰায় ১০-১৫ বজাত হেফজুৰ ৰহমানৰ ঘৰত হঠাৎ জুইৰ সূত্ৰপাত ঘটি এই বিধংসী অগ্নিকাণ্ডটো সংঘটিত হয় আৰু ভস্মীভূত হয় ৭টা কৈ বাসগৃহ।

নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰা অঞ্চলটোত ক্ষন্তেকৰ বাবে হুৱা দুৱাৰ সৃষ্টি হয় যদিও অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত নুমুৱাবলৈ সক্ষম হয় জুই। জুইত নগদ ধনসহ, পশুধনৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায়। তাৰোপৰি জাহ গ’ল পৰিয়ালকেইটাৰ বহু লাগতিয়াল তথা গুৰুত্বপূৰ্ণ নথি-পত্ৰ।

অৱশ্যে পাছত অগ্নিকাণ্ড সংঘটিত হোৱা স্থলীত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ সৈতে এটা দল উপস্থিত হৈ অগ্নিকাণ্ডত সৰ্বহাৰা হোৱা পৰিয়াল কেইটাক আশ্বাস দিয়াৰ লগতে চিন্তিত নহ’বলৈও আহ্বান জনায়।

উল্লেখ্য যে সমাগত ঈদ। ঈদৰ আগমূহুৰ্তত এনে বিধ্বংসী জুইয়ে হেফজুৰ ৰহমানৰ লগতে আবুল কালাম, ফৰিদা খাতুন, জৰিণা খাতুন, হাফিজা খাতুন আৰু মোকছিদুল ৰহমানৰ বাসগৃহ সম্পূৰ্ণৰূপে নিশেষ হৈ সৰ্বস্বান্ত হোৱাত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।

ইপিনে জুই নুমুৱাবলৈ স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও উপস্থিত নোহোৱাক লৈ কটু সমালোচনা কৰাৰ লগতে প্ৰসাশনক অনতি পলমে লাহৰীঘাটত অগ্নি নিৰ্বাপক চাউনি স্থাপন কৰিবলৈ দাবী উত্থাপন কৰে।