NORTHEAST NOW (Assamese)
অসম

বিধ্বংসী অগ্নিকাণ্ড; জুইত জাহ গ’ল আইজলৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বহু অংশ

Posted by: এন ই নাও নিউজ, আইজল Updated by: এন ই নাও নিউজ, আইজল December 17, 2021 9:58 am
WhatsApp Image 2021-12-17 at 9.40.39 AM

শুকুৰবাৰে পুৱতি নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় মিজোৰামৰ ৰাজধানী চহৰ আইজলৰ উপায়ুক্তৰ কাৰ্যালয়ত।

শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩বাজি ১৫ মিনিটত সংঘটিত হয় এই অগ্নিকাণ্ড।

আইজলৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বেছিভাগ অংশই জুইত সম্পূৰ্ণৰূপে জাহ যায়।

অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিৰবাপিত কৰে।

Also Read: বিপদত পৰিল যৌন নিৰ্যাতনৰ বিষয়ত বিতর্কিত ‘নো স্কিন টু স্কিন কন্টেক্ট’ ৰায় দিয়া ন্যায়াধীশ গেনেডিৱালা

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই।

আনহাতে, শ্বট শ্বাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা আইজল পৌৰ নিগমৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ ইভিএমসমূহ উপায়ুক্তৰ কাৰ্যালয়ত ৰখা হৈছিল।