NORTHEAST NOW (Assamese)

পশ্চিমবংগৰ মালডাত বিধ্বংসী অগ্নিকাণ্ড; প্ৰাণ হেৰুৱালে শেফালী বৰুৱাই

November 28, 2019 9:13 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

পশ্চিমবংগৰ মালডাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হয়। নিহত মহিলা গৰাকীৰ নাম শেফালী বৰুৱা, বয়স ৫৫ বছৰ।

উক্ত অগ্নিকাণ্ডৰ জুইত ১৫টাতকৈ অধিক জুপুৰি জাহ যায় বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ এক সূত্ৰ মতে বুধবাৰে পুৱা প্ৰায় ৪ বজাত মালডা নগৰৰ উত্তৰ বালুচৰ অঞ্চলৰ এটা পজাত সূত্ৰপাত হোৱা উক্ত জুই শীঘ্ৰে বস্তিটোৰ আন জুপুৰিসমূহলৈ বিয়পি পৰে।

ঘটনাৰ খবৰ পাই কেইঘণ্টামানৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে আৰু ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক এটা নিৰাপদ স্থানলৈ লৈ যায়।

আনহাতে, অগ্নিকাণ্ডত নিহত শেফালি বৰুৱাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে অগ্নিকাণ্ডৰ কাৰণ নিশ্চিত কৰিবলৈ অনুসন্ধান চলাই আছে যদিও বাতৰি লিখা সময়লৈকে সেয়া জানিব পৰা নাই।

Related News