NORTHEAST NOW (Assamese)

মহানগৰীৰ ৰিহাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড; বহু লক্ষাধিক সা-সম্পত্তি ভষ্মীভূত

April 6, 2020 6:16 pm · কল্পজ্যোতি শইকীয়া
Updated: April 6, 2020 6:37 pm
অগ্নি নিৰ্বাপনত ব্যস্ত অগ্নিনিৰ্বাপক বাহিনী, ফ'টো-এন ই নাও

গুৱাহাটীৰ ৰিহাবাৰীত অগ্নিকাণ্ডৰ ঘটনা।

ৰিহাবাৰিস্থিত নিয়োগ বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ এখন ৰঙৰ দোকানত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বিয়লি প্ৰায় ৪:৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডটো।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

মহানগৰীৰ বিভিন্ন স্থানৰ পৰা অহা ৭ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় ৪৫ মিনিট জোৰা চেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

লক্ষাধীক টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি সন্দেহ কৰা হৈছে।

দোকানখন ল’কডাউনৰ বাবে বন্ধ থকাৰ কাৰণে বৰ্তমানলৈকে দোকানৰ স্বত্বাধিকাৰীৰ পৰিচয় জানিব পৰা হোৱা নাই।

Related News