NORTHEAST NOW (Assamese)
অসম

Kangana Ranaut হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 28, 2022 4:31 pm
Kangana Ranaut হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

বিতৰ্কৰ ৰাণী কংগনা ৰাণাৱট গভীৰ সংকটত পৰিছে। হকে-বিহকে যিকোনো বিতৰ্কত সোমাই পৰা কংগনাক যেন দৰ্শকে প্ৰত্যাখান কৰিছে।

গেৰুৱা শিবিৰক তৈলমৰ্দনত ব্যস্ত থকা কংগনাৰ শেহতীয়া ছবি ‘ধাকাড়’ চাবলৈ এতিয়া দৰ্শৰ অভাৱ।

দেশৰ চলচ্চিত্ৰ ইতিহাসত নজিৰ সৃষ্টি কৰি আজি ছবি খন মুক্তিৰ অষ্টমটো দিনত সমগ্ৰ ভাৰতত মাত্ৰ ২০ গৰাকী দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’!কোটি কোটি টকা ব্যয় কৰি নিৰ্ণাণ কৰা ছবি খনে যোৱা সাত দিনত ১০ কোটি টকাও অৰ্জন কৰিবলৈ সমৰ্থ হোৱা নাই।

ৰজনীশ ঘাইৰ স্পাই থ্ৰিলাৰ ‘ধাকাড়’ত কংগনা ৰাণাৱতক চোৰাংচোৱা এজেণ্ট অগ্নি হিচাপে দেখুওৱা হৈছে।
যোৱা সপ্তাহত আয়োজন আৰু প্ৰত্যাশাৰ মাজত মুক্তি দিয়া হৈছিল ছবি খন। কিন্তু দৰ্শক তথা অনুৰাগীসকলেও এতিয়া ছবি খনলৈ পিঠি দিছে।

ফলত হতাশ হৈ পৰিছে কংগনা আৰু ছবি খনৰ সৈতে জৰিত আন কলা-কুশলীসকল।

নিৰ্মাতাসকলে চবি খন অ’টিটিত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু তাৰ বাবেও এতিয়া কোনো গ্ৰাহক ওলোৱা নাই।

হিন্দী ভাষা বিতৰ্কৰ পৰা আৰম্ভ কৰি ‘কা’ আন্দোলনলৈকে সকলোতে বিতৰ্কিত মন্তব্য কৰা কংগনা এতিয়া বহুতৰ বাবেই অপ্ৰিয় ব্যক্তি। ইয়াৰ প্ৰভাৱো হয়তো ছবি খনত পৰিব পাৰে বুলি বহুতে মন্তব্য কৰা দেখা গৈছে।