NORTHEAST NOW (Assamese)
অসম

মহ ধ্বংস কৰিবলৈ এইবাৰ আমদানি কৰা হ’ব ভেকুলী, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2021 2:43 pm
a frog

যত’ কূটৰ ঘাই মহ। মহৰ বাবেই ডেংগু,মেলেৰীয়াৰ দৰে মাৰাত্মক ৰোগ বিয়পি পৰে।

প্ৰতি বছৰে বিশ্বত ডেংগু,মেলেৰীয়াত লাখ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয় হয়।

মহ মাৰিবলৈ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত গাপ্পি মাছকে ধৰি আন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই সকলো বোৰ ব্যৱস্থা গ্ৰহণ কৰিও বাংলাদেশৰ ৰাজধানী ঢাকাত মহৰ উৎপাত কমাব পৰা যোৱা নাই।

সেয়ে মহ নিধন কৰিবলৈ এইবাৰ ঢাকাৰ চিটি কৰ্প’ৰেছনে বাহিৰৰ পৰা মহ আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰথমাৱস্থাত মহ নিধন কৰিবলৈ বাংলাদেশৰ বিভিন্ন ঠাইৰ পৰা ঢাকালৈ অনা হৈছে বস্তাই বস্তাই ভেকুলী।

সেই ভেকুলী এৰি দিয়া হৈছে ঢাকা চহৰৰ নলা-নৰ্দমাকে ধৰি বিভিন্ন জলাশয়ত।

আশা কৰা হৈছে ভেকুলীয়ে মহবোৰ খাই নিঃশেষ কৰিব। কিন্তু ঢাকা চিটি কৰ্প’ৰেছনৰ এনে পদক্ষেপক হাস্যকৰ আখ্যা দিছে একাংশ কীট পতংগ বিজ্ঞানীয়ে।

তেওঁলোকৰ মতে ভেকুলীয়ে মহ খাব যদিও মহৰ কণী কেতিয়াও নাখায় অথবা ধ্বংস কৰিব নোৱাৰে।

সেয়ে এনে পদক্ষেপ বিশেষ কাৰ্যকৰী নহ’ব বুলি তেওঁলোকে মন্তব্য  কৰিছে।

ঢাকা চহৰৰ নলা-নৰ্দমাত ভেকুলী এৰি দিয়াৰ পিছত চহৰ খনত মহৰ উপদ্ৰৱ কমিছেনে নাই সেই সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো কথা প্ৰকাশ কৰা হোৱা নাই।

প্ৰশাসনৰ সূত্ৰই মাত্ৰ কৈছে যে যোৱা কিছু দিনত প্ৰায় ১৫ হাজাৰ ভেকুলী জলাশয় আৰু নলা-নৰ্দমাত এৰি দিয়া হৈছে।