NORTHEAST NOW (Assamese)
অসম

লুইতৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰক্ষা কৱচ স্বৰূপ অন্তিমখন গাঁও

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা September 15, 2019 10:32 am
IMG_20190915_075404_466

ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই পুনৰ ব্যাপক ৰূপ ধাৰণ কৰিছে চামগুৰি সমষ্টিৰ সমীপৱর্তী বুঢ়াচাপৰিত।

লুইতৰ বুকুত নিতৌ ডৰাই-ডৰাই জাহ যাবলৈ ধৰিছে বুঢ়াচাপৰিৰ ধনীয়া শিশুআটি নামৰ গাঁৱ খনৰ এটা বৃহৎ নৈ পৰীয়া অঞ্চলৰ ভূমি।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া শিশুআটি গাঁৱৰ একাধিক নৈপৰীয়া পৰিয়ালৰ চকুত টোপনি নাইকিয়া হৈছে।

শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত পুৰণি গাওঁ খনে চৰকাৰীভাবে ১৯৩৮ চনতে স্বীকৃতি লাভ কৰে।

স্থানীয় ৰাইজে অতদিনে গাওঁ খনৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ ক্ষেত্ৰত গাওঁ খনক চৰকাৰ তথা প্ৰশাসনে এলাগী কৰি আহিছে বুলি বহু সময়ত ক্ষোভ উজাৰি আহিছে।

ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াই ভাৰাক্ৰান্ত কৰি অহা গাওঁ খনৰ চৰকাৰ তথা প্ৰশাসনে কোনো স্থায়ী সমাধানৰ ব্যৱস্থা কৰি নিদিয়াত বিগত তিনি বছৰ ধৰি হেঁপাহৰ গাওঁখন ত্যাগ কৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে শতাধিক পৰিয়ালে।

চলিত বছৰতো তথা পাৰহৈ যোৱা ভৰ বাৰিষাৰ পাছতো পুনৰ ব্যাপকভাবে আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে এতিয়া আশংকাৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে ধনীয়া শিশুআটিৰ অৱশিষ্ট পৰিয়াল সমূহে।

IMG_20190915_075412_397
ফটো : নৰ্থইষ্ট নাও

ক্ৰমান্বয়ে ঘৰৰ ওচৰ চাপি আহিছে বুঢ়া লুইত, সঘনাই ঢৌ তুলি পাৰৰ মাটি ভাঙিছে কালৰূপী লুইতে। ইফালে অন্তিম ৰক্ষা কৱচ স্বৰূপ গাওঁখন নিঃশেষ হ’লেই আৰম্ভ হ’ব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰো ধ্বংস যজ্ঞ।

ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই অভয়াৰণ্য খনৰো বৃহৎ অংশ বিলীন কৰিছে। নদীৰ বুকুত, জাহ গৈছে কেইবাটাও বন শিবিৰ।

প্ৰশাসন তথা জন প্ৰতিনিধিয়ে সময়-সুবিধা বুজি ভুক্তভোগী গঞাক পূৰ্বে প্ৰদান কৰি অহা আশ্বাস, প্ৰতিশ্ৰুতি মতে যদি পৰিকল্পিত স্থায়ী সমাধানৰ ব্যৱস্থা এইবাৰৰ খৰালিৰ ভিতৰতে কৰিব নোৱাৰে তেন্তে পাছৰ বাৰিষালৈ কেৱল মাত্ৰ মানচিত্ৰতহে বুঢ়াচাপৰিৰ নাম থাকি যাব বুলি এতিয়া সৰ্বত্ৰে গুণাগঁথা চলিছে।

কিন্তু ইমানৰ পাছতো ভুক্তভোগী শংকিত গঞাৰ এই কাতৰ আহ্বান শুনিবলৈ পাবনে বাৰু নদীৰ সিপাৰে এ চি ৰুমত বহি থকা বিয়াগোম নেতা তথা প্ৰশাসনৰ বৰমুৰীয়া সকলে, এতিয়া যেন ই বুঢ়া চাপৰিবাসীৰ বাবে এক নিমিলা অংক হৈ পৰিছে।