NORTHEAST NOW (Assamese)

বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিৰ্দিষ্ট পথ চিনাক্ত কৰিছে ধেমাজি জিলা প্ৰশাসনে

December 22, 2018 11:25 am · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ধেমাজি জিলা প্ৰশাসনে। ধেমাজি জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটিয়ে এক সংবাদমেলৰ জৰিয়তে জনাই যে প্ৰধাম মন্ত্ৰী গৰাকীয়ে ২৫ ডিচেম্বৰৰ বিয়লি ১-৩০ বজাত ডিব্ৰুগড় মোহনবাৰী এয়াৰপ’ৰ্টৰ পৰা হেলিকপ্টাৰেৰে আহি বগীবিলৰ দক্ষিণপাৰত অৱতৰণ কৰিব।

ইয়াৰ পিছতে দঙৰ ফিটা কাটি নৱনিৰ্মিত বগীবিল দলঙৰ ওপৰেৰে গাড়ীৰে আহি প্ৰধান মন্ত্ৰী মোদীয়ে কাৰেং চাপৰিৰ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব।

এই উদ্দেশ্যে ধেমাজি জিলা প্ৰশাসনে উক্ত দিনা প্ৰায় দুই লক্ষাধিক লোকৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বগীবিললৈ যোৱা কেইবাটাও উপ-পথ, যান-বাহনৰ আস্থান চিনাক্ত কৰি মেপ প্ৰকাশ কৰি উলিয়াইছে। লগতে ২৫ ডিচেম্বৰত বগীবিল-কাৰেংঘাটৰ ফেৰীসেৱা বন্ধ থাকিব যদিও জৰুৰীকালীন সেৱা সমূহ খোলা থাকিব বুলি সংবাদমেলতে উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

তাৰোপৰি উক্ত দিনা উদ্বোধনী অনুষ্ঠানলৈ যোৱাৰ বাবে নিৰ্দিষ্ট পথ চিনাক্ত কৰিছে। চিনাক্ত কৰি দিয়া পথেৰেহে উদ্বোধনী অনুষ্ঠানলৈ যাব পাৰিব।

সেই অনুসৰি ধেমাজি-আমগুৰি হৈ, চিচিবৰগাঁও হৈ, গোগামুখ-ঢকুৱা-লাইপুলিয়া-চিচিলঘৰ হৈ আৰু জোনাই-চিলাপথাৰ-কোলাজান হৈহে উদ্বোধনী অনুষ্ঠানলৈ যোৱাৰ ব্যৱস্থা কৰিছে ধেমাজি জিলা প্ৰশাসনে।

ইফালে লগত বেগ, ছাতি আৰু পানী বটল নিয়া নিষিদ্ধ কৰাৰ বাবে যান-বাহন ৰখোৱাৰ বাবে এ, বি আৰু চি তিনিটা ভাগত বিভক্ত কৰি দিছে।

Related News